NRC সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৃষক নেতা অখিল গগৈৰ ৷
গুৱাহাটী, 18 জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বেই গুৱাহাটীত সংবাদমেলযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কৃষক নেতা অখিল গগৈয়ে ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত কেতবোৰ বিশেষ মন্তব্য কৃষক নেতাগৰাকীৰ ৷ গগৈৰ মতে, যেতিয়ালৈকে হিন্দু বাংলাদেশীক আনিবলৈ বৈধ আইন প্ৰণয়ন কৰিব নোৱাৰে তেতিয়ালৈকে চৰকাৰে এআৰচি সম্পূৰ্ণ হ'বলৈ নিদিয়ে ৷ ইয়াৰ উপৰিও ৰাষ্ট্ৰপতিৰ ওচৰলৈ এনআৰচিৰ নথি প্ৰেৰণ, প্ৰতীক হাজেলাৰ ওপৰত পৰা চাপ, কাক এনআৰচি নালাগে আদি বিষয়ৰ ওপৰতো নিজৰ মন্তব্য প্ৰকাশ কৰে গগৈয়ে ৷