অসম

assam

By

Published : Nov 21, 2019, 6:22 PM IST

Updated : Nov 21, 2019, 11:44 PM IST

ETV Bharat / state

1951 ভিত্তিবৰ্ষ হ'লে বিদেশীৰে ভৰি পৰিব অসম

হিমন্ত বিশ্ব শৰ্মাৰ কথা মানি ল'লে অসমীয়াই আত্মহত্যা কৰিব লাগিব বুলি কয় অখিল গগৈয়ে । 1951 চনৰ ভিত্তিবৰ্ষৰ ভিত্তিত নতুন NRCৰ প্ৰকাশ কৰাৰ যি কথা কোৱা হৈছে সেই বিষয়ে অখিল গগৈয়ে কয়, যদি 1951 ভিত্তিবৰ্ষ হয় তেন্তে বিদেশীৰে ভৰি পৰিব অসম।

1951 ভিত্তিবৰ্ষ হ'লে বিদেশীৰে ভৰি পৰিব অসম

গুৱহাটী, 21 নৱেম্বৰঃ পুনৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ অগ্নিগৰ্ভা হোৱাৰ সম্ভাৱনা অসম ৷ শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত বিতৰ্কিত মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অখিল গগৈ এই সন্দৰ্ভত আয়োজন কৰে এক সংবাদমেল। এই সংবদমেলত অখিল গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সকলো কথা দিল্লী কা লাড্ডুবুলি কয়। 1951 চনৰ ভিত্তিবৰ্ষৰ ভিত্তিত নতুন NRCৰ প্ৰকাশ কৰাৰ যি কথা কোৱা হৈছে সেই বিষয়ে অখিল গগৈয়ে কয়,যদি 1951 ভিত্তিবৰ্ষ হয় তেন্তে বিদেশীৰে ভৰি পৰিব অসম।

1951 ভিত্তিবৰ্ষ হ'লে বিদেশীৰে ভৰি পৰিব অসম

1950 চনৰ জানুৱাৰীৰ পৰা 1987ৰ 1 জুলাইৰ ভিতৰত যিসকলে অসমত বা ভাৰতবৰ্ষত জন্ম গ্ৰহণ কৰিছে তেওঁলোকেই ইয়াৰ নাগৰিক হ'ব । 1951 ভিত্তিবৰ্ষ হ'লে অনন্ত কাললৈ বিদেশীৰ বোজা ল'ব লাগিব অসমে। লগতে হিমন্ত বিশ্ব শৰ্মাৰ কথা মানি ল'লে অসমীয়াই আত্মহত্যা কৰিব লাগিব বুলি কয় অখিল গগৈয়ে। এই সংবাদ মেলতে অখিল গগৈয়ে শুকুৰবাৰে তীব্ৰ ভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনাইছে। এই কাৰ্যসূচীৰ জৰীয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ ৰাইজে মানি নোলোৱাৰ কাৰণ দৰ্শাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰিব ৰাজ্যপালক। এই কাৰ্যসূচীত ডঃ হীৰেন গোহাঁই,হৰেকৃষ্ণ ডেকাকে ধৰি বহুকেইটা সংগঠনে অংশ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে অখিল গগৈয়ে।

1951 ভিত্তিবৰ্ষ হ'লে বিদেশীৰে ভৰি পৰিব অসম

লগতে চাওকঃ দেবব্ৰত শইকীয়াৰ ফৈদ পাণ্ডৱ আৰু বাকীবোৰ কৌৰৱঃ ৰূপজ্যোতি কুৰ্মী

Last Updated : Nov 21, 2019, 11:44 PM IST

ABOUT THE AUTHOR

...view details