অসম

assam

By

Published : Apr 23, 2020, 2:46 PM IST

ETV Bharat / state

ভুৱা গোচৰত বন্দী কৰি ৰাখিছে পুত্ৰ অখিল গগৈকঃ প্ৰিয়দা গগৈ

বৃহস্পতিবাৰে NIA আদালতলৈ অনা হয় অখিল গগৈক। ডিব্ৰুগড় চাবুৱা থানাৰ এক গোচৰৰ ভিত্তিত NIAই ০১/২০২০ নম্বৰত গোচৰ ৰুজু কৰি ১৬ এপ্ৰিলত বিশেষ আদালতৰ কাষ চাপিছিল তদন্তকাৰী সংস্থাটো ৷

Akhil Gogoi mother reaction
ভুৱা গোচৰত বন্দী কৰি ৰাখিছে পুত্ৰ অখিল গগৈকঃ প্ৰিয়দা গগৈ

গুৱাহাটী,23 এপ্ৰিলঃ বিগত তিনিমাহে কাৰাগাৰত বন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ ৷ ৰাষ্ট্ৰদোহৰ অপৰাধত এটাৰ পিছত আনটো গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে কৃষক নেতা গৰাকীক ৷ আনহাতে,নিজ পুত্ৰ ঘৰলৈ উভতি অহাৰ আশাত দিন পাৰ কৰিছে অখিল গগৈৰ বৃদ্ধা মাতৃয়ে ৷ চকুৰ অপাৰেশ্যন কৰিবলৈ আছে যদিও পুত্ৰৰ অনুপস্থিতিৰ বাবে একো কৰিবলৈ সক্ষম হোৱা নাই অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ৷ তেখেতৰ অভিযোগ চৰকাৰে ভুৱা গোচৰত বন্দী কৰি ৰাখিছে পুত্ৰক। যদি পুত্ৰই কিবা ভুল কৰিছে তেন্তে পুত্ৰক ক্ষমা কৰিবলৈ চৰকাৰক অনুৰোধ জনায় অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ৷

গৈগৰ মাতৃ প্ৰিয়দা গগৈ

উল্লেখ্য যে,বৃহস্পতিবাৰে NIA আদালতলৈ অনা হয় অখিল গগৈক। ডিব্ৰুগড় চাবুৱা থানাৰ এক গোচৰৰ ভিত্তিত NIAই ০১/২০২০ নম্বৰত গোচৰ ৰুজু কৰি ১৬ এপ্ৰিলত বিশেষ আদালতৰ কাষ চাপিছিল তদন্তকাৰী সংস্থাটো ৷ ইয়াৰ পিছতেই 23 এপ্ৰিলত অখিল গগৈক NIA আদালতত হাজিৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা অসম আৰক্ষীৰ সহযোগত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হয় অখিল গগৈক ৷

লগতে পঢ়ক-মহামাৰী আইনৰ সংশোধিত অধ্যাদেশত সন্মতি প্ৰদান ৰাষ্ট্ৰপতিৰ

ABOUT THE AUTHOR

...view details