গুৱাহাটী, ২৪ এপ্ৰিল: ৰংঘৰ প্ৰকল্পক লৈ মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বৈঠক (Akhil Gogoi meets Assam CM) । বৈঠকত ৰংঘৰ প্ৰকল্পৰ বিসংগতি সম্পৰ্কে আলোচনা কৰা হয় । শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক সমগ্ৰ প্ৰকল্পক লৈ কেইবাটাও পৰামৰ্শ আগবঢ়ায় । বিধায়ক অখিল গগৈৰ প্ৰায় ১০০ শতাংশ প্ৰস্তাৱ মুখ্যমন্ত্ৰীয়ে মানি লোৱা বুলি বিধায়কগৰাকীয়ে উল্লেখ কৰে (A special meeting on Rangghar project) ।
বৈঠকৰ শেষত অখিল গগৈয়ে তেওঁৰ বহু দিনৰ সপোন পূৰণ হ'ল বুলি সংবাদমাধ্যমৰ আগত সদৰি কৰে । আৰম্ভণিৰে পৰা শিৱসাগৰক লৈ দেখা তেওঁৰ সপোন আছিল বুলি উল্লেখ কৰে । তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে সদিচ্ছা দেখুৱাইছে আৰু তেওঁৰ পৰামৰ্শত সন্মত জনাইছে ৷ প্ৰধানমন্ত্ৰীয়ে ডিজিটেলি আধাৰশিলা স্থাপন কৰা ১৫০ কোটিৰো অধিক টকাৰ ৰংঘৰ প্ৰকল্পৰ নিবিদা ১০ মে'ত মুকলি হ'ব বুলিও জানিবলৈ দিয়ে গগৈয়ে ।
লগতে তেওঁ কয় যে, ৰংঘৰ প্ৰকল্প আটক ধুনীয়া হ'ব । ৰংঘৰক মূল হিচাপে কেন্দ্ৰ কৰি প্ৰকল্প হ'ব । নিৰ্মাণ হ'বলগীয়া প্ৰকল্প যাতে ৰংঘৰতকৈ ওখ নহয় তাৰ বাবে মুখ্যমন্ত্ৰীক পৰামৰ্শ আগবঢ়াই গগৈয়ে । এই প্ৰকল্পত অসমৰ সমাজ জীৱনৰ প্ৰতিটো দিশ, প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো সমল থাকিব । ছ্যুকাফা, প্ৰমত্ত সিঙকে ধৰি আহোম ৰজা সকলৰ প্ৰতিমূৰ্তি থাকিব বুলিও কয় অখিল গগৈয়ে (MLA AKhil Gogoi) ।
লগতে বিধায়কগৰাকীয়ে জনাই যে, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ ৰজা তথা মহান ব্যক্তি সকলৰো প্ৰতিমূৰ্তি এই প্ৰকল্পত সন্নিৱিষ্ট কৰা হ'ব । ফুড ক’ৰ্টত প্ৰতিটো জনগোষ্ঠীৰ খাদ্য সম্ভাৰ থাকিব । পাৰ্কিঙৰ ক্ষেত্ৰতো গগৈয়ে বিশেষ পৰামৰ্শ আগবঢ়াই মুখ্যমন্ত্ৰীক । আনহাতে ৰংঘৰ প্ৰজেক্টৰ দৰে তলাতল ঘৰৰ বাবেও প্ৰজেক্ট লোৱাৰ বাবে অখিল গগৈয়ে আহ্বান জনোৱা পদক্ষেপত মুখ্যমন্ত্ৰীয়ে সঁহাৰি জনাই বুলি বিধায়কগৰাকীয়ে সংবাদমাধ্যমক অৱগত কৰে ।