গুৱাহাটী, ২২ জুনঃ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত মঙলবাৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈক 'নিয়া' ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নিয়াৰ আদালতলৈ অনা হয় অখিল গগৈক। চানমাৰি আৰু চাবুৱা থানাৰ নিয়াই তদন্ত কৰি থকা দুটা গোচৰ সন্দৰ্ভত আজি আদালতে চাৰ্জ অৰ্ডাৰ দিয়াৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ হোৱা অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বহু কেইখন থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে । ইতিমধ্যে বহুকেইটা গোচৰত অখিল গগৈয়ে জামিন লাভ কৰিছে যদিও নিয়াই তদন্ত কৰি থকা চাবুৱা থানাৰ গোচৰত তেওঁ জামিন লাভ কৰা নাই । বিগত ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈক বিভিন্ন গোচৰত কেইবাবাৰো কাৰাগাৰতে গ্ৰেপ্তাৰ কৰা হৈছে ।
আজি দুটাকৈ গোচৰ সন্দৰ্ভত নিয়াৰ আদালতে চাৰ্জ অৰ্ডাৰ দিব। লক্ষণীয় বিষয় যে, কাৰাগাৰত থাকিয়েই শিৱসাগৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈ অহা অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব তাক লৈ সকলোৰে মাজত চৰ্চা হৈছে । নিয়াৰ আদালতৰ সন্মুখত উপস্থিত হৈ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে ।