অসম

assam

By

Published : Mar 11, 2020, 1:26 PM IST

Updated : Mar 11, 2020, 1:41 PM IST

ETV Bharat / state

সুস্থ হৈ উঠিছে অখিল গগৈ

ক্ৰমাৎ সুস্থ হৈ উঠিছে কৃষক নেতা অখিল গগৈ। যোৱা কিছুদিন ধৰি গুৰুতৰ ভাৱে অসুস্থ আছিল অখিল গগৈ। বুধবাৰে কাৰাগাৰৰ পৰা পুনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আন হয় অখিল গগৈক ।

অখিল গগৈ
সুস্থ হৈ উঠিছে অখিল গগৈ

গুৱাহাটী, 11 মাৰ্চঃ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈক বুধবাৰে পুনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কাৰাগাৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লত ভৰ্তি কৰোৱা হয়। বিগত কিছুদিন ধৰি কাৰাগাৰৰ ভিতৰত গুৰুতৰভাৱে অসুস্থ হৈ পৰা অখিল গগৈক পূৰ্বেও কেইবাবাৰো চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল। অখিল গগৈ কাৰাগাৰৰ ভিতৰত প্ৰচণ্ড জ্বৰ,মূৰৰ বিষআৰু কঁকালৰ বিষত আক্রান্ত হৈছিল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষাৰ পিছত অখিল গগৈৰ বৃক্কত পাথৰআৰু খাদ্য নলীত ঘাঁ হোৱা বুলি জানিব পৰা গৈছিল। বু্​ধবাৰে স্বাস্থ্য পৰীক্ষাৰ পিছত কৃষক নেতা গৰাকীয়ে কয় যে তেওঁ পূৰ্বৰ তুলনাত ক্ৰমাৎ সুস্থ হৈ উঠিছে। ন্যায়ালয়ৰ নিৰ্দেশ আৰু অসমবাসীৰ সংগ্ৰামৰ ফলতে তেওঁ উন্নত চিকিৎসা লাভ কৰিবলৈ সক্ষম গৈছে । কাৰাগাৰৰ ভিতৰত খাদ্য তথা চিকিৎসা ব্যৱস্থা অতিকৈ বেয়া বুলিও জানিবলৈ দিয়ে অখিল গগৈয়ে । উপযুক্ত খাদ্য আৰু চিকিৎসাৰ অভাৱত বহু লোকৰ মৃত্যু হৈছে বুলিও অভিযোগ কৰে অখিল গগিয়ে ।

সুস্থ হৈ উঠিছে অখিল গগৈ

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ অন্যতম নেতা অখিল গগৈক মাওবাদীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কাৰাগাৰৰ ভিতৰত অখিল গুৰুতৰভাৱে অসুস্থ হৈ পৰাত অখিল গগৈক উন্নত চিকিৎসা প্ৰদানৰ দাবী উত্থাপন কৰি আহিছিল বিভিন্ন দল-সংগঠনৰ লগতে অসমবাসী ৰাইজে ।

সুস্থ হৈ উঠিছে অখিল গগৈ

আৰু পঢ়কঃ মৃতদেহ উদ্ধাৰৰ দুই দিনৰ ভিতৰত আটক মঙলদৈৰ আছফুলি খাতুনৰ হত্যাকাৰী

Last Updated : Mar 11, 2020, 1:41 PM IST

ABOUT THE AUTHOR

...view details