অসম

assam

ETV Bharat / state

11 ফেব্ৰুৱাৰীত অখিল গগৈৰ জামিন সন্দৰ্ভত ৰায়দান - ৰাইজৰ দল

11ফেব্ৰুৱাৰীত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৃষক নেতা অখিল গগৈৰ জামিন সন্দৰ্ভত ৰায়দান কৰিব ৷ ইতিমধ্যে অখিল গগৈৰ জামিন সম্পৰ্কত উচ্চতম ন্যায়ালয়ত যাৱতীয় সকলোবোৰ নথি-পত্ৰ প্ৰদান কৰিছে গগৈৰ অধিবক্তা হোচেফা আহমেদীয়ে ৷ সোমবাৰে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে ৰাইজৰ দলৰ আহ্বায়ক জিতুল ডেকাই ৷

akhil-gogoi-bail
11ফেব্ৰুৱাৰীত অখিল গগৈৰ জামিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান

By

Published : Feb 8, 2021, 7:42 PM IST

গুৱাহাটী,8 ফেব্ৰুৱাৰীঃ 11ফেব্ৰুৱাৰীত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৃষক নেতা অখিল গগৈৰ জামিন সন্দৰ্ভত ৰায় প্ৰদান কৰিব ৷ ইতিমধ্যে অখিল গগৈৰ জামিন সম্পৰ্কত উচ্চতম ন্যায়ালয়ত যাৱতীয় সকলোবোৰ নথি-পত্ৰ প্ৰদান কৰিছে গগৈৰ অধিবক্তা হোচেফা আহমেদীয়ে ৷ সোমবাৰে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে ৰাইজৰ দলৰ আহ্বায়ক জিতুল ডেকাই ৷

বৰ্তমান অৰ্থৰ অভাৱে চিন্তিত কৰি তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতি তথা ৰাইজৰ দলক ৷ জানিব পৰা মতে, অখিল গগৈৰ জামিন সন্দৰ্ভত হ’বলগা যাৱতীয় খৰচৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানমৰ্মে ৰাইজে দিয়া দান-বৰঙণিৰে জমা হৈছিল প্ৰায় 20 লক্ষাধিক টকা ৷ কিন্তু সেই ধনৰাশি ইতিমধ্যে শেষ হৈছে ৷

11ফেব্ৰুৱাৰীত অখিল গগৈৰ জামিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দান

উল্লেখযোগ্য যে, ৰাইজৰ দলৰ মৰাণত অনুষ্ঠিত প্ৰথমখন অধিৱেশনতে গগৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৰাইজৰ দল তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কিন্তু সকলোকে আচম্বিত কৰি অখিল গগৈৰ জামিন আবেদন অন্তিমবাৰৰ বাবে নাকচ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ তদুপৰি, গুৱাহাটী উচ্চ ন্যায়ালয়ত অখিল গগৈৰ হকে যুক্তি প্ৰদৰ্শন কৰিছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হোচেফ আহমেদীয়ে ৷ কিন্তু আহমেদীৰ যুক্তিত পতিয়ন নগৈ অখিল গগৈক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

লগতে পঢ়কঃবৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা এজেপিৰ

ABOUT THE AUTHOR

...view details