অসম

assam

By

Published : Sep 16, 2022, 12:07 PM IST

ETV Bharat / state

সদন ত্যাগ কংগ্ৰেছৰ বিধায়কসহ অখিল গগৈৰ

বিধানসভা অধিৱেশন ত্যাগ কংগ্ৰেছৰ বিধায়কসহ অখিল গগৈৰ (Akhil Gogoi and Congress MLAs leave assembly) ৷ শুকুৰবাৰে পুৱা বিভিন্ন বিষয়লৈ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে পুৱাৰ ভাগত আৰম্ভণিতে সদন সাময়িকভাৱে স্থগিত হৈ পৰিছিল ৷

Akhil Gogoi and Congress MLAs leave the assembly
সদন ত্যাগ কংগ্ৰেছৰ বিধায়কসহ অখিল গগৈৰ

গুৱাহাটী, 16 ছেপ্টেম্বৰ:আজি বিধানসভাৰ অধিৱেশনৰ চতুৰ্থটো দিন ৷ বিধানসভা অধিৱেশনৰ মাজতেই সদন ত্যাগ কংগ্ৰেছৰ বিধায়কসহ অখিল গগৈৰ (Akhil Gogoi and Congress MLAs leave assembly) ৷ শুকুৰবাৰে পুৱা বিভিন্ন বিষয়লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বাবে পুৱাৰ ভাগত আৰম্ভণিতে সদন সাময়িকভাৱে স্থগিত হৈ পৰিছিল ৷

পুৱা ৯.৩০ বজাৰ বিভিন্ন বিষয়ৰ প্ৰশ্নোত্তৰ লৈ আৰম্ভ হৈছিল শৰৎকালীন বিধানসভা অধিৱেশনৰ চতুৰ্থটো দিন । অধিৱেশন চলি থকাৰ মাজতে কংগ্ৰেছৰ বিধায়কসকলে ভিক্টৰ দাসৰ ন্যায় বিচাৰি আৰু বিদ্যুতৰ মাচুল বৃদ্ধিৰ প্ৰতিবাদ জনাই হাতে হাতে প্লে’কাৰ্ডলৈ বিধানসভাৰ অধ্যক্ষৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জনজাতিকৰণৰ স্বীকৃতিৰ বিষয়ক লৈ হাতত প্লে’কাৰ্ড লৈ বিধানসভাৰ অধ্যক্ষৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ যাৰবাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিৰোধী দল বিশেষকৈ কংগ্ৰছৰ বিধায়ক সকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে ৷

অৱশ্যে পৰৱৰ্তী সময়ত পুনৰ সদনৰ কাম-কাজ আৰম্ভ হয় যদিও কংগ্ৰেছৰ বিধায়কসলে আৰু বিধায়ক অখিল গগৈয়ে সদন ত্যাগ কৰে । উল্লেখ্য যে এই সন্দৰ্ভত এ আই ইউ ডি এফৰ বিধায়কসকলে সংগ নিদিলে কংগ্ৰেছৰ বিধায়কসকলক ৷

লগতে পঢ়ক:বাজপেয়ী ভৱনৰ পৰা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সংবাদমেল LIVE

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details