অসম

assam

দুদিনৰ বাবে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ

By

Published : Jun 25, 2021, 4:19 PM IST

Updated : Jun 25, 2021, 8:04 PM IST

শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক দুদিনৰ বাবে সকাহ প্ৰদান কৰিছে নিয়া আদালতে ৷ অসুস্থ মাতৃক সাক্ষাৎ কৰিবৰ বাবে অনুমতি বিচাৰি আদালতত দাখিল কৰা অখিল গগৈৰ আবেদনৰ ভিত্তিতে শুকুৰবাৰে অনুমতি প্ৰদান কৰে নিয়া(NIA)আদালতে ৷

Akhil Gogoi allowed for two days to meet mother
মাতৃক সাক্ষাৎকৰ বাবে দুদিনৰ অনুমতি অখিল গগৈক

গুৱাহাটী, 25 জুন :অৱশেষত কাৰাৰুদ্ধ কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক দুদিনৰ বাবে সকাহ প্ৰদান কৰিছে নিয়া(NIA) আদালতে ৷ অখিল গগৈক দুদিনৰ বাবে যোৰহাট জিলাৰ চেলেংহাট স্থিত ঘৰলে যাবলৈ অনুমতি প্ৰদান কৰিছে নিয়া আদালতে ৷ উল্লেখ্য যে, অসুস্থ মাতৃক সাক্ষাৎ কৰিবৰ বাবে অনুমতি বিচাৰি আদালত আবেদন কৰিছিল অখিল গগৈয়ে ৷

শুকুৰবাৰে অখিল গগৈ অধিবক্তাই কৰা ১৫ দিনীয়া আবেদনৰ শুনানিৰ অন্তত NIA আদালতে বিধায়ক তথা ৰাইজৰ দল সভাপতি কৃষক নেতা অখিল গগৈক দুদিনৰ অনুমতি দিয়ে । বিধায়ক গগৈৰ অধিবক্তাই বিগত ডেৰ বছৰে তেওঁৰ অসুস্থ মাতৃ আৰু ক'ভিড পজিটিভ হোৱা নিজ সন্তানক সাক্ষাৎ কৰিবলৈ পোন্ধৰ দিনৰ অনুমতি বিচাৰিছিল ৷

দুদিনৰ বাবে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ

উল্লেখ্য যে, যদিও নিয়া আদালতে অখিল গগৈক দুদিনৰ অনুমতি প্ৰদান কৰিছে। অৱশ্যে গগৈক এই অনুমতি দিয়া হৈছে যদিও আদালতে তেওঁক এছক’ৰ্ট লগত লৈহে মাতৃ-পুত্ৰক সাক্ষাৎ কৰিব পাৰিব বুলি নিৰ্দেশ দিয়ে। অখিল গগৈক অনুমতি প্ৰদান কৰি আদালতে কয়, মাতৃ-পুত্ৰক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত অখিল গগৈ শিৱসাগৰ সমষ্টিলৈ যাব নোৱাৰিব ৷

যোৱা 22 জুন তাৰিখে নিয়া(NIA) আদালতে অখিল গগৈৰ চাবুৱাৰ গোচৰৰ শুনানিত দোষ মুক্ত বুলি ঘোষণা কৰিছিল ৷ কিন্তু চানমাৰি থানাত ৰুজু হৈ থকা আন এক গোচৰৰ শুনানি প্ৰক্ৰিয়া অব্যাহত থকাৰ বাবে অখিল গগৈ মুক্ত আকাশৰ তললৈ অহাৰ পথ প্ৰসস্ত হোৱা নাছিল ৷ নেতাগৰাকীৰ অধিবক্তা ডিম্পল চুতীয়াই জানিবলৈ দিয়া অনুসৰি চান্দমাৰি থানাৰ গোচৰৰ শুনানি অহা ৩০ জুনত নিয়া আদালতত হ'ব।

২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্ত‍াৰ হোৱা অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বহু কেইখন থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে । বিশেষ কৈ কা' আন্দোলনৰ সময়তে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক ৷ ইয়াৰ পাচৰে পৰা প্ৰায় ডেৰ বছৰ ধৰি কাৰাৰুদ্ধ হৈ আছে কৃষক নেতা তথা শিৱসাগৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ৷

লগতে পঢ়ক: চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

Last Updated : Jun 25, 2021, 8:04 PM IST

ABOUT THE AUTHOR

...view details