গুৱাহাটী, 27 এপ্ৰিলঃ সোমবাৰে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ লগতে কৃষক নেতা ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক ফৰেনচিক লেবৰেটৰাত ভয়চ চেম্পল টেষ্টিংৰ বাবে (NIA)লৈ উপস্থিত কৰায় ৷ সাংবাদিকৰ আগত কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰে কৃষক নেতা অখিল গগৈয়ে ৷
মাতৃভূমিক ভাল পোৱাৰ কাৰণে এনেদৰে কষ্ট দিছেঃ অখিল গগৈ - অখিল গগৈ
সোমবাৰে ফৰেনচিক লেবৰটৰিত ভয়ছ চেম্পল টেষ্টিংৰ বাবে নিয়াই ( NIA) উপস্থিত কৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক ৷ বহিঃৰাজ্যত থকা ৫/ ৬ লাখ যুৱক-যুৱতীক ওভতাই আনিবলৈ চৰকাৰক অনুৰোধ জনায় কৃষক নেতা অখিল গগৈয়ে ।
উল্লেখ্য যে, সোমবাৰে ফৰেনচিক লেবৰেটৰিত ভয়চ চেম্পল টেষ্টিংৰ বাবে নিয়াই NIA উপস্থিত কৰাই কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈৰ লগতে ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক ৷ ফৰেনচিক লেৱৰেটৰিলৈ অনাৰ সময়ত অখিল গগৈয়ে ভইছ টেষ্ট কৰিবলৈ অনাৰ কথা উল্লেখ কৰে ৷ তাৰোপৰি,সাংবাদিকৰ আগত সদৰি কৰে যে,আমি বহুত কষ্টত আছো আৰু এনেকৈ বাৰম্বাৰ আনি থকা হৈছে । লগতে কৃষক নেতা জনে কয় যে,আমি চৰকাৰক সমালোচনা কৰো কাৰণে শাস্তি দি আহিছে । আনহাতে,মাতৃভূমিক ভাল পোৱাৰ কাৰণে এনেদৰে কষ্ট দি থকা হৈছে বুলি সাংবাদিকৰ আগত মন্তব্য কৰে । লগতে 'কা' আমি বিৰোধিতা কৰো বাবে এনেদৰে বাৰে বাৰে কষ্ট দি থকা হৈছে । তাৰোপৰি,মই অসমবাসী ৰাইজক সুখে-শান্তিৰে থাকিবলৈ অনুৰোধ কৰিছো বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷ আনহাতে,বহিঃৰাজ্যত থকা ৫/ ৬ লাখ যুৱক-যুৱতীক ওভতাই আনিবলৈয়ো অনুৰোধ জনায় কৃষক নেতাজনে । লগতে ইটোৰ পিছত সিটো গোচৰ জাপি দি মুঠতে ওলায় আহিব নোৱাৰা ব্যৱস্থা কৰিছে । সেইবাবে অসমবাসী ৰাইজক এই গোটেই কথাটো বিবেচনা কৰিবলৈ আহ্বান কৃষক নেতা অখিল গগৈৰ ৷ আনহাতে, ক'ৰণা ভাইৰাছৰ সময়ত কৃষকসকলৰ বহুতো ক্ষতি হয় ৷ ক্ষতিগ্ৰস্ত কৃষকসকলক চৰকাৰে ক্ষতিপূৰণ দিব লাগে বুলি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে মন্তব্য কৰে । তাৰোপৰি, ৰাইজে মাইক্ৰফাইনেঞ্চৰ পৰা লোৱা ঋণ সমূহ চৰকাৰে পৰিশোধ কৰি দিব লাগে বুলি আহ্বান বিতু সোণোৱালৰ ৷ লগতে অসমৰ দৰিদ্ৰ আৰু মধ্যবৃত্ত পৰিয়ালক মাহে ৬ হাজাৰ টকা দিয়াৰ আহ্বান কৃষক নেতা বিতু সোণোৱালৰ ৷
লগতে পঢ়ক-গোলাঘাটত আটক বিহাৰৰ 17 জন শ্ৰমিক