অসম

assam

ETV Bharat / state

অখিল গগৈৰ দেহত কৰ'ণা পজিটিভ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ বিগত কেবাদিনৰ পৰা অসুস্থ হৈ আছিল ৷ তেওঁৰ দেহত দেখা দিছিল কৰ'ণাৰ লক্ষণে ৷ তাৰ পাচতেই তেওঁৰ স্বাৱ পৰীক্ষা কৰা হৈছিল ৷ প্ৰথম দুটা ফলাফলত নিগেটিভ আহিল যদিও শনিবাৰে নেতাগৰকীৰ দেহত ধৰা পৰে COVID-19 ৷

কৰ'ণাত আক্ৰান্ত অখিল গগৈ
কৰ'ণাত আক্ৰান্ত অখিল গগৈ

By

Published : Jul 11, 2020, 9:39 PM IST

গুৱাহাটী, 11 জুলাইঃ কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ দেহত ধৰা পৰিল কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ শনিবাৰে সন্ধিয়া কাৰাগাৰ কৰ্তৃপক্ষই কৃষক নেতাগৰাকীৰ উকিলক অৱগত কৰে এই কথা ৷ ইয়াৰ পূৰ্বে কৰা স্বাৱ পৰীক্ষাত দুৱাৰকৈ তেওঁৰ ফলাফল নিগেটিভ আহিছিল ৷

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কৃষক নেতাগৰাকীক ভৰ্তি কৰোৱা হ'ব বুলি জানিব পৰা গৈছে । যোৱা বৃহস্পতিবাৰে কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰ আৰু ছাত্ৰ নেতা বিতু সোণোৱালৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল । সম্প্ৰতি তেওঁলোক দুয়োজনেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে ।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত এতিয়ালৈ ৫৮ গৰাকী কাৰাবন্দীৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে । যাৰ বাবে কেন্দ্ৰীয় কাৰাগাৰক ইতিমধ্যেই কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

কৰ'ণাত আক্ৰান্ত অখিল গগৈ

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন-2020 ৰ বিৰোধিতা আন্দোলনত নেতৃত লোৱাৰ পাচতে নিয়াই দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈক ৷ বৰ্তমান কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অখিল গগৈ বিগত কিছু দিনৰ পৰা অসুস্থ হৈ পৰিছল ৷ তাৰ পাচতেই বহুতেই তেওঁ COVID-19 ত আক্ৰান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছিল ৷ আৰু ইয়াৰ পাচত সমগ্ৰ ৰাজ্যতে কৃষক নেতাজনৰ মুক্তিৰ দাবীত প্ৰতিবাদে গা কৰি উঠিছিল ৷

লগতে পঢ়কঃপশ্চিমবংগত কোৱাৰেণ্টাইন কেন্দ্ৰৰ সমীপত আৰক্ষী আৰু গাঁওৱাসীৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details