গুৱাাহাটী, 4 জানুৱাৰী: শেহতীয়াকৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে অসমৰ সম্পদ তথা বিভিন্ন প্ৰতিষ্ঠান সমূহক ব্যক্তিগতকৰণ কৰা প্ৰসংগক লৈ সোমবাৰে সংবাদমেলযোগে সৰৱ হ’ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷ সংবাদমেলযোগে পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ দাবী চৰকাৰৰ এনে নীতি কেতিয়াও মানি লোৱা নহ’ব ৷ ৰাজ্যৰ কোনোধৰণৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰিবলৈ দিয়া নহ’ব চৰকাৰক ৷ ইয়াৰ বাবে ৯ জানুৱাৰীত জিলা সমিতিসমূহে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব ৷ সমান্তৰালভাৱে ২০ জানুৱাৰীত জিলা,মহকুমা সমিতিসমূহত কা বিৰোধী প্ৰতিবাদত জোঁৰ সমদল কাৰ্যসূচীও গ্ৰহণ কৰিব ৷ ২৭ জানুৱাৰীত ৫০০খন পথ সভা আয়োজন কৰিব আঞ্চলিক আৰু শাখা সমিতিসমূহে।
অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে! - কা বিৰোধী প্ৰতিবাদ
ৰাজহুৱা সম্পত্তি বিক্ৰী আৰু ব্যক্তিগতকৰণ কোনো কাৰণতে মানি নলয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। পৰিষদে নদী বান্ধ আৰু নাগৰিকত্ব আইনৰ বিৰোধিতা কৰি আছে আৰু কৰি থাকিব ৷ অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিবই লাগিব ৷ ইনাৰলাইন পাৰ্মিটৰ বাবে দিল্লীত গৈ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷
![অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে! ajycp reaction about privatization](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10113061-776-10113061-1609751587108.jpg)
অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে!
অসমত আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ ভেটি সবল কৰিব AJYCPয়ে!