গুৱাহাটী, ফেব্ৰুৱাৰী : পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধিৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধ কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্য জুৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ এই ৰাজ্য জোৰা প্ৰতিবাদৰ লগত সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী নগৰ সমিতিয়ে জ্যোতিকুচিত এই প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷
মূল্য বৃদ্ধি নিয়ন্ত্ৰণ দাবীত এজেৱাইচিপিৰ গুৱাহাটী নগৰ সমিতিৰ প্ৰতিবাদ - এজেৱাইচিপি
পেট্ৰ'লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধ কৰাৰ দাবীত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গুৱাহাটী নগৰ সমিতিয়ে জ্যোতিকুচিত ৰূপায়ন কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী ৷
মূল্য বৃদ্ধি নিয়ন্ত্ৰণ দাবীত এজেৱাইচিপিৰ গুৱাহাটী নগৰ সমিতিৰ প্ৰতিবাদ
প্ৰতিবাদস্থলীত প্ৰধানমন্ত্ৰী, পেট্ৰ'লিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি শীঘ্ৰেই পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাই ছাত্ৰ সংগঠনটোৰ কৰ্মীসকলে ৷ উল্লেখ্য যে, ৰাজ্যত বিগত কেইবাদিন ধৰি অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ'লজাত সামগ্ৰীৰ মূল্য ৷
লগতে পঢ়ক: ঢেকিয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাৰ দায়িত্বত থকা নেতা-কৰ্মকৰ্তাৰ ক’ভিড পৰীক্ষা