অসম

assam

ETV Bharat / state

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ পোষকতা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - খেলো ইণ্ডিয়া

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এক সংবাদমেল সম্বোধন কৰি অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে কেতবোৰ বিষয় উনুকিয়ায় ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

By

Published : Jan 2, 2020, 6:25 PM IST

Updated : Jan 2, 2020, 7:00 PM IST

গুৱাহাটী, 2 জানুৱাৰীঃআজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদ মেলৰ জৰিয়তে তেওঁ জনায় যে, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ বাবে তেওঁলোকৰ সংগঠনটো ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব আৰু ইয়াৰ বাবে তেওঁলোকে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বছৰৰ প্ৰথম দিনটোত দিয়া সংবাদ মেলত,'মোক এঘৰীয়া নকৰিব' বুলি কোৱা কথাষাৰ লজ্জাজনক বুলি তীব্ৰ সমালোচনা কৰে সম্পাদক গৰাকীয়ে ৷ লগতে 10 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'বলগীয়া খেলো ইণ্ডিয়াকাৰ্যসূচীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমণৰ প্ৰসংগতো তেওঁ মন্তব্য কৰে, যদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহে তেন্তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ বিৰোধিতা কৰিব ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল

ইয়াৰোপৰি গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰৰ শ্ৰদ্ধা থকা বুলি কোৱা সত্বেও এই আন্দোলনত ভাগ লোৱা একাংশ লোকক জেললৈ প্ৰেৰণ কৰাৰ প্ৰসংগ উত্থাপন কৰি কয়, তেওঁলোকে যিমানেই হিটলাৰী শাসন চলাব সিমানেই আন্দোলন কঠোৰ হ'ব ৷

লগতে পঢ়ক: লখিমপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

Last Updated : Jan 2, 2020, 7:00 PM IST

ABOUT THE AUTHOR

...view details