গুৱাহাটী, 2 ফেব্ৰুৱাীঃ এতিয়া বিকল্প ৰাজনৈতিক দল গঠনৰ সময় নহয়, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ সময় ৷ এনেদৰে মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক দল যিয়ে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰত থাকি কাম কৰিব ৷ লগতে ভৱিষ্যতৰ বাবেও এই সংগঠনটোৱে ৰাজনৈতিক পৰিপন্থী কোনো কাৰ্য নকৰে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱিষ্যত কাৰ্যপন্থাৰ লগতে ৰাজনৈতিক দল সন্দৰ্ভত এনেদৰে স্থিতি স্পষ্ট কৰে দলটোৰ সভাপতি গৰাকীয়ে ৷
এতিয়াৰ সময় ৰাজনৈতিক বিকল্পৰ নহয়ঃ পলাশ চাংমাই - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এটা অৰাজনৈতিক দল যিয়ে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আঁতৰত থাকি কাম কৰিব । দেওবাৰে সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ৷
লগতে বিকল্প ৰাজনৈতিক দলৰ কথা অহাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজত কৰবাত ম্লান পৰিছে গণতান্ত্ৰিক প্ৰতিবাদ । গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যিহেতু অৰাজনৈতিক সংগঠন গতিকে কোনো ৰাজনৈতিক দলৰ সমৰ্থন বা অংশ গ্ৰহণ সংগঠনে নকৰাৰ সিদ্ধান্ত লৈছে । আনহাতে, টোল গেট পুনৰ মুকলি কৰাক লৈ সৰৱ হৈ পৰে পলাশ চাংমাই । চৰকাৰে আলোচনাত মিলিত নোহোৱা পৰ্যন্ত কোনো কাৰণত মুকলি হ'বলৈ নিদিয়ে টোল গেট । তাৰোপৰি বড়ো শান্তি চুক্তিৰ সম্পৰ্কত পলাশ চাংমায়ে কয়, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সমস্যা সমাধান হোৱাতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰে ৷ কিন্তু এটা জনগোষ্ঠীৰ সমস্যা সমাধান কৰিবলৈ যাওঁতে আন আন জনগোষ্ঠীৰ মৌলিক অধিকাৰ খৰ্ব হোৱাটো নিবিচাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।