গুৱাহাটী, ৭ ডিচেম্বৰ :নাগালেণ্ডৰ মন জিলাৰ অ'টিং বস্তিত 4 ডিচেম্বৰৰ সন্ধিয়া ভাৰতীয় সেনাৰ নৃশংস হত্যাকাণ্ড(Ambush in Nagaland) বিৰোধীতা কৰি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA বাতিলৰ দাবীত বুধবাৰে অসমজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Protest for demanding cancellation of AFSPA) ৷ ভাৰতীয় সেনাৰ এই নৃশংসতাক তীব্ৰ ভাষাৰে গৰিহণা দি মঙলবাৰে AJYCP ৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ৷
AJYCP ৰ সাধাৰণ সম্পাদক গৰাকীয়ে সংবাদমেলত কয়, অটিং বস্তিত সংঘটিত নিৰাপত্তাবাহিনীৰ এই হত্যালীলা উত্তৰ-পূৱৰ বাবে প্ৰথম নহয় ৷ AFSPA ৰ জৰিয়তে লাভ ক্ষমতাৰে বলিয়ান সেনা বাহিনীৰ এনে নৃশংসতাৰ বহুবাৰ সাক্ষী হৈছে উত্তৰ-পূৰ্বাঞ্চল ৷ নাগালেণ্ডৰ লগতে অসম মণিপুৰত বহু নিৰীহ লোকে সেনাৰ এনে হত্যালীলাৰ বলি হৈছে ৷
'ভাৰতীয় সেনাই AFSPA অপপ্ৰয়োগ কৰাৰ বাবে অসম-মণিপুৰৰ শ শ মহিলা-জীয়ৰী ধৰ্ষিতা হ'ল ৷ কিন্তু ইয়াৰ পাছতো তিনিটা দশক ধৰি উত্তৰ-পূৱৰ ৰাজ্য কেইখনত এনে যিমান ঘটনা সংঘটিত হ'ল, তাৰ কোনো আইনী বিচাৰ হোৱা পৰিলক্ষিত নহ'ল ৷ অৰ্থাৎ ভাৰতীয় সেনাৰ এনে বৰ্বৰতাৰ বলি হোৱা ভুক্তভোগীয়ে আজিও ন্যায় নাপালে ৷' সন্ত্ৰাস দমনৰ নামত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীয়ে উত্তৰ-পূৱৰ নিৰীহক যে লক্ষ্য কৰি ল'লে সেই কথা স্পষ্ট কৰি এইদৰে ক্ষোভ প্ৰকাশ কৰে AJYCP ৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷
লগতে পঢ়ক:AASU Demand to Repeal AFSPA : AFSPA প্ৰত্যাহাৰৰ দাবী আছুৰ
তেওঁ লগতে কয়, উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ নাগালেণ্ড, অসম আৰু মণিপুৰত বিগত পাঁচ-ছয় বছৰৰ পৰা উগ্ৰপন্থীৰ সমস্যাটো যথেষ্ট শাম কাটিছে ৷ আলফা স্বাধীনৰ লগতে আন আন বিদ্ৰোহী সংগঠন সমূহে বৰ্তমানে যুদ্ধ বিৰতিত আছে ৷ কেৱল নাগালেণ্ডত মাত্ৰ NSCN (K-1) গোটটোৱে যুদ্ধ বিৰতি লোৱা নাই যদিও যোৱা কেইবা বছৰ ধৰি হিংসাত্মক কাৰ্য-কলাপৰ পৰা আঁতৰত আছে সংগঠনটো ৷