অসম

assam

ETV Bharat / state

Press meet of AJYCP : HSLC ৰ আবেদন পত্ৰ পূৰণ বিনামূলীয়া কৰাৰ দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ - দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আবেদন প্ৰ-পত্ৰ পূৰণৰ বাবে নিৰ্ধাৰণ কৰা মাচুল বিনামূলীয়া কৰাৰ দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ ৷ এক সংবাদমেলযোগে এই কথা সদৰী কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ সভাপতি ৰুবুল দাসে ৷ ইয়াৰ উপৰিও মতানৈক্য আঁতৰাই বিদ্ৰোহী কেবাগৰাকীও সতীৰ্থক পুনৰ সংগঠনৰ মজিয়ালৈ আঁকোৱালি লয় অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে ৷

Anusuchit Jati Yuva Chatra Parishad
HSLC ৰ প্ৰ-পত্ৰ পূৰণ বিনামূলীয়া কৰাৰ দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 7:28 AM IST

HSLC ৰ প্ৰ-পত্ৰ পূৰণ বিনামূলীয়া কৰাৰ দাবী অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

গুৱাহাটী, 30 ছেপ্টেম্বৰ : চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আবেদন প্ৰ-পত্ৰ পূৰণৰ বাবে নিৰ্ধাৰণ কৰা মাচুল বিনামূলীয়া কৰাৰ বাবে চৰকাৰক দাবী জনাইছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে । শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলযোগে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ সভাপতি ৰুবুল দাসে এই সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘পূৰ্বৰ তুলনাত প্ৰায় এশ শতাংশ বৰ্দ্ধিত মাচুল আদায় কৰি আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱকৰ মূৰত চৰকাৰে একপ্ৰকাৰ ৰাম টাঙোন সোধাইছে । সেয়ে আমি অসম চৰকাৰ আৰু ছেবা কৰ্তৃপক্ষক ছাত্ৰ-ছাত্ৰীসকলৰ মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণ বিনামূলীয়া কৰাৰ দাবী উত্থাপন কৰিছো’’ ।

AJYCP ত যোগদান

শুকুৰবাৰে আয়োজিত এই সংবাদমেলৰ পিচতে এক যোগদান অনুষ্ঠানত সংগঠনটোৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিগত সময়ত বিভিন্ন কাৰণত সংগঠন ত্যাগ কৰা বহুকেইজন সদস্যই পুনৰ সদস্যপদ গ্ৰহণ কৰে । আনহাতে, বিগত সময়ত নিজকে পৰিষদৰ সভাপতিৰূপে চিনাকি দি অহা কাজিৰঙাৰ বৰজুৰি গাঁৱৰ হেমকান্ত দাস নামৰ পৰিষদৰ প্ৰাক্তন সদস্যজনে নিজৰ ভুল স্বীকাৰ কৰি ৰুবুল দাস নেতৃত্বধীন অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ মজিয়ালৈ পুনৰ প্ৰত্যাৱর্তন কৰে ।

উল্লেখ্য যে, ইতিমধ্যে সংগঠনৰ পৰা আঁতৰি যোৱা যোৰহাটৰ কমলা কান্ত দাস, মুক্তিনাথ দাস, অমৃত প্ৰাণ দাস, অজয় দাস, দ্বীপ দাস, ডিব্ৰুগড়ৰ অভিজিৎ দাস, গুৱাহাটীৰ নৱকান্ত মালাকাৰ, সত্যব্ৰত দাস, গোবিন্দ দাস, বৰপেটাৰ পৱিত্ৰ দাসসহ প্ৰায় পঞ্চাশগৰাকী সদস্যই ইতিমধ্যে যোৱা এটা পষেকত পুনৰ পৰিষদৰ মজিয়ালৈ ঘূৰি আহিছে ।

এই সংবাদমেলত পৰিষদৰ ৰুবুল দাসৰ লগতে পৰিষদৰ সাধাৰণ সম্পাদক জিতু কাকতি, সাংগঠনিক সম্পাদক পংকজ বনিয়া, প্ৰচাৰ সম্পাদক অমৃত ৰঞ্জন দাস, মাখন ডেকা, গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰেৱ হাজৰিকাসহ কেবাগৰাকীও ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :BJP joining meeting:টীয়কত বিজেপিৰ যোগদান কাৰ্যসূচীত সাংসদ তপন কুমাৰ গগৈ

ABOUT THE AUTHOR

...view details