গুৱাহাটী,22 ডিচেম্বৰ: অৱশেষত মঙলবাৰে স্থায়ী ঠিকনা লাভ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ ছাত্ৰ সংগঠনটোৱে চান্দমাৰীত মুকলি কৰিলে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয় ৷ কেন্দ্ৰীয় কাৰ্যালয় "বিষ্ণুৰাভা ভৱন" মুকলি অনুষ্ঠানত উপস্থিত থাকে সংগঠনটোৰ সম্পাদক পলাশ চাংমাইকে প্ৰমূখ্য কৰি একালৰ জাতীয়তাবাদী শিবিৰৰ নেতা তথা বৰ্তমানৰ অসম যুৱ পৰিষদৰ উপ-সভাপতি অদিপ কুমাৰ ফুকনৰ লগতে দলটোৰ আন আন নেতৃত্ব ৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয় মুকলি মংগলবাৰে সংগঠনটোৰ নতুন কাৰ্যালয়টোত প্ৰৱেশ কৰি সম্পাদক পলাশ চাংমাইয়ে কয় যে, এইয়া আমাৰ দীৰ্ঘদিনীয়া অভাৱ আছিল আৰু আজি সকলোৰে প্ৰচেষ্টাত আমি সফল হলো ৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয় মুকলি আনহাতে অসম জাতীয় পৰিষদত যোগদান সন্দৰ্ভতো মন্তব্য কৰে পলাশ চাংমাইয়ে ৷ আগন্তুক অধিৱেশনত এই সন্দৰ্ভত সিদ্ধান্ত ল’ম ৷ যদি সংগঠনৰ আন আন নেতৃত্বই মোক জাতীয় পৰিষদত যোগদান দিয়াৰ অনুমতি প্ৰদান কৰে তেনেহলে নিশ্চিতভাৱে মই যোগ দিম বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ সমান্তৰালভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সন্দৰ্ভত নেতা গৰাকীয়ে কয় যে, মই কৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বা নবঢ়াম সেইয়া যোগদানৰ অন্ততহে দলে নিৰ্ধাৰণ কৰিব ৷ যদি মই দলত যোগ দিও দলে যি ধৰণেৰে নিৰ্দেশ দিয়ে সেইমতেই হ’ব ৷
লগতে পঢ়কঃ2018-19 চনৰ বিত্তীয় বৰ্ষৰ বাজেট জনসাধাৰণক আঁভূৱা ভৰাৰ বাজেট: ৰিপুণ বৰা