গুৱাহাটী , 8 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ৯ আৰু ১০ ডিচেম্বৰত বিভিন্ন সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা ব্যক্ত কৰে সংগঠনটোৰ সভাপতি পলাশ চাংমাইয়ে ৷
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘোষণা কৰিলে দিছপুৰ চ'ল কাৰ্যসূচী - অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷
![অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ঘোষণা কৰিলে দিছপুৰ চ'ল কাৰ্যসূচী AJYCP announce dispur chalo program on 11th december](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5309375-thumbnail-3x2-ajycp.jpg)
অসম বন্ধলৈ সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
অসম বন্ধলৈ সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
উল্লেখযোগ্য যে, অহা ১১ ডিচেম্বৰত সাংসদ সকলৰ প্ৰতিমূৰ্তি দাহ আৰু ১২ ডিচেম্বৰত দিচপুৰ চ'ল কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৱে ৷ কেৱল সেয়াই নহয় , নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ বদ্ধপৰিকৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷
লগতে পঢ়কঃদিল্লী অগ্নিকাণ্ড : অট্টালিকাৰ স্বত্বাধিকাৰীক আটক আৰক্ষীৰ