অসম

assam

মেট্ৰিকত মাতৃভাষাক উপেক্ষা নকৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ

By

Published : Jun 16, 2021, 10:11 PM IST

ছেবাৰ পাঠ্যক্ৰমত অসমীয়াসহ মুঠ ১১ টা মাতৃভাষা পঢ়োৱা হয় আৰু সেই মতে মাতৃভাষাৰ পৰীক্ষা পাতিবলৈ হ'লে ১১ টা মাতৃভাষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰিব লাগিব ৷ এই মন্তব্য ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ

ajp-submit-memorandum-to-seba
হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষাক উপেক্ষা নকৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ

গুৱাহাটী, ১৬ জুন : হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত অসমীয়া বিষয়ৰ পৰীক্ষা নাপাতিবলৈ অসম মাধ্যমিক শিক্ষা পৰিষদে (SEBA) গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ (Assam Jatiya Parishad) ৷ অসম জাতীয় পৰিষদে (Assam Jatiya Parishad) ছেবা (SEBA)ৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰি অন্য বিষয়ৰ সৈতে অসমীয়া বিষয়ৰো পৰীক্ষা পতাৰ আহ্বান জনাইছে ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত অসমীয়া বিষয়ৰো (ASSAMESE LANGUAGE) পৰীক্ষা পতাৰ দাবীত বুধবাৰে অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিদিৰ দলে শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে । দলৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi) আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা (Jagadish Bhuyan)ই স্বাক্ষৰ কৰা স্মাৰকপত্ৰ দলৰ দুই মুখপাত্ৰ অমৃত কুমাৰ খাটনীয়াৰ আৰু অমিতাভ বৰঠাকুৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু (Ranoj Pegu)ক আৰু ছেবা (SEBA)ৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ হাতত অৰ্পন কৰে ।

উল্লেখ যে, বিগত কিছুদিনৰ পৰা চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই জুলাই মাহত মেট্ৰিক পৰীক্ষা (HSLC) পতাৰ প্ৰস্তুতি চলাইছে য’ত ছাত্ৰ-ছাত্ৰীয়ে চাৰিটা বিষয়ৰহে পৰীক্ষা দিব লাগিব বুলি উল্লেখ কৰা হৈছে । ইয়াত মাতৃভাষা বিষয় অন্তৰ্ভূক্ত নহয় ৷ অসম জাতীয় পৰিষদৰ মতে, মাতৃভাষা বিষয়ৰ অধ্যয়ন আইনমতে বাধ্যতামূলক আৰু সেয়া অসমীয়াকে ধৰি অসমৰ থলুৱা মাতৃভাষা সমূহৰ মৰ্যাদা অক্ষুন্ন ৰখাৰ বাবেও জৰুৰী ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষাক উপেক্ষা নকৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ

মাতৃভাষা বিষয়ৰ পৰীক্ষা নাপাতিলে শিক্ষাৰ্থীসকলৰ ওচৰত মাতৃভাষা বিষয়ৰ গুৰুত্ব কম বুলিহে বুজোৱা হ'ব । সেয়ে অসম জাতীয় পৰিষদ (Assam Jatiya Parishad)ৰ স্মাৰকপত্ৰ খনত কোৱা হয় যে, চাৰিটা বিষয়ত পৰীক্ষা পতা সম্ভৱ হ'লে পাঁচটা বিষয়ত পতাটোও সম্ভৱ । কিন্তু কোনো অৱস্থাতে অসমীয়া আৰু বড়োসহ মাতৃভাষা বিষয়ৰ পৰীক্ষা পতাৰ পৰা বিৰত থকাটো উচিত নহ'ব ।

অসম জাতীয় পৰিষদ (Assam Jatiya Parishad)ৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে (Jiyaur Rahman) জনোৱা মতে, অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোয়ে মঙলবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু (Ranoj Pegu)ক সাক্ষাৎ কৰোতে তেখেতে মাতৃভাষা বিষয়ৰ পৰীক্ষা পতাৰ গুৰুত্ব উপলব্ধি কৰি পৰীক্ষা পতা হ'ব বুলি আশ্বাস দিছিল । কিন্তু আজি জাতীয় পৰিষদৰ প্ৰতিনিধি (Assam Jatiya Parishad) দলটোৰ আগত ছেবা (SEBA)ৰ অধ্যক্ষ জৈনে কয় যে ছেবাৰ পাঠ্যক্ৰমত অসমীয়াসহ মুঠ ১১ টা মাতৃভাষা পঢ়োৱা হয় আৰু সেইমতে মাতৃভাষাৰ পৰীক্ষা পাতিবলৈ হ'লে ১১ টা মাতৃভাষাৰ প্ৰশ্ন কাকত প্ৰস্তুত কৰিব লাগিব ৷ সেয়ে মাতৃভাষাৰ পৰীক্ষা পতাটো সম্ভৱ নহয় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষাক উপেক্ষা নকৰিবলৈ আহ্বান অসম জাতীয় পৰিষদৰ

ৰহমানে লগতে কয় যে, ছেবাৰ অধ্যক্ষগৰাকীৰ মন্তব্যক অসম জাতীয় পৰিষদে টুলুঙা আৰু দায়িত্বহীন মন্তব্য বুলি অনুভৱ কৰে আৰু তাত অসমীয়াসহ থলুৱা মাতৃভাষাৰ বিৰুদ্ধে চলি থকা গোপন ষড়যন্ত্ৰ লুকাই আছে বুলি সন্দেহ প্ৰকাশ কৰে । কাৰণ মাতৃভাষা বিষয়টোত অধিক পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীয়ে তেনে পৰিস্থিতিত কলেজত আসন পাবলৈ এটা অসুবিধাজনক স্থিতিত উপনীত হ'ব । ফলত ইংৰাজী বিষয়ত অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে অধিক প্ৰাধান্য পাব । পৰিস্থিতি অনুকুল হ'লে যদি পৰীক্ষা অনুষ্ঠিত কৰা হয় তেন্তে মাতৃভাষা বিষয়কো অন্য জৰুৰী বিষয়ৰ সৈতে সমান গুৰুত্ব দিয়া হয় তাৰ প্ৰতি সচেষ্ট হ'বলৈ জাতীয় পৰিষদে চৰকাৰ আৰু ছেবাক আহ্বান জনায় ৷

লগতে পঢ়ক :মুক্ত আকাশৰ তলত দেবাংগনা : কি ক’লে মাতৃয়ে ?

ABOUT THE AUTHOR

...view details