অসম

assam

ETV Bharat / state

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পুনৰীক্ষণৰ দাবী অগপ মুখপাত্ৰৰ - অগপ মুখপাত্ৰ

30 জুলাইত সেউজ ন্যায়াধীকৰণৰ মুখ্য বিচাৰপীঠে সেই আবেদন খাৰিজ কৰাত নামনি সোৱণশিৰিৰ কাম পুনৰ আৰম্ভ কৰাৰ পথ প্ৰশস্ত হৈ পৰে ৷ যাৰ বাবে ন্যায়াধীকৰণৰ খাৰিজকৰণৰ ৰায়ৰ পুনৰীক্ষণ বিচাৰি বুধবাৰে পুনৰ মুখ্য বিচাৰপীঠৰ ওচৰত আবেদন জনাই প্ৰাক্তন আছু নেতা গৰাকীয়ে ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পুণৰীক্ষনৰ দাবী অগপ মুখপাত্ৰৰ

By

Published : Sep 12, 2019, 6:56 PM IST

Updated : Sep 13, 2019, 4:44 PM IST

গুৱাহাটী, 12 চেপ্তেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পুনৰীক্ষণৰ বাবে আবেদন প্ৰাক্তন আছু নেতা তথা বৰ্তমান অসম গণ পৰিষদৰ মুখপাত্ৰ তুলাৰাম গগৈৰ ৷ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিবলৈ বিগত 30 জুলাইত সেউজ ন্যায়াধীকৰণে দিয়া ৰায়ৰ পুনৰীক্ষণৰ বাবে আবেদন জনাই অগপৰ মুখপাত্ৰ গৰাকীয়ে ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পুনৰীক্ষণৰ দাবী অগপ মুখপাত্ৰৰ

উল্লেখ্য যে, এই বান্ধৰ ফলত নামনি অংশত হ'ব পৰা ক্ষয়ক্ষতিৰ দিশটো পৰীক্ষা কৰিবলৈ বন, পৰিবেশ আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰনালয়ে 2017 চনৰ 27 নৱেম্বৰত ড৹ প্ৰভাস পাণ্ডে, ড৹ আই ডি গুপ্তা আৰু এম পি স্কটক লৈ এখন তিনিজনীয়া বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল ৷ সমিতিখনৰ নিৰপেক্ষতা, বিশ্বাসযোগ্যতা আৰু গ্ৰহণযোগ্যতাৰ ওপৰত প্ৰশ্ন তুলি অসম পাব্লিক ওৱৰ্কচ আৰু তুলাৰাম গগৈয়ে সুকীয়া সুকীয়াকৈ ন্যায়াধীকৰণত অভিযোগ দাখিল কৰে ৷ কিন্তু বিগত 30 জুলাইত সেউজ ন্যায়াধীকৰণৰ মুখ্য বিচাৰপীঠে সেই আবেদন খাৰিজ কৰাত নামনি সোৱণশিৰিৰ কাম পুনৰ আৰম্ভ কৰাৰ পথ প্ৰশস্ত হৈ পৰে ৷ যাৰ বাবে ন্যায়াধীকৰণৰ খাৰিজকৰণৰ ৰায়ৰ পুনৰীক্ষণ বিচাৰি বুধবাৰে পুনৰ মুখ্য বিচাৰপীঠৰ ওচৰত আবেদন জনাই প্ৰাক্তন আছু নেতা গৰাকীয়ে ৷

Last Updated : Sep 13, 2019, 4:44 PM IST

ABOUT THE AUTHOR

...view details