অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিক লৈ সৰৱ অসম জাতীয় পৰিষদ - অসম জাতীয় পৰিষদ

ৰাজ্যত নতুন চৰকাৰ গঠন হোৱা এমাহ হ’বৰ হ’ল এই এমাহতে নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ ২০ শতাংশ মূল্যবৃদ্ধি হোৱাত চৰকাৰ তথা চৰকাৰৰ বিয়াগোম যোগান বিভাগক নিষ্ক্ৰিয় আখ্যা দিলে অসম জাতীয় পৰিষদে ৷ মূল্যবৃদ্ধি সম্পৰ্কত আয়োজিত এক সংবাদ মেল যোগে চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল দলটোৰ নেতৃত্ব ৷

ajp-speaks-against-price-hike-in-state
মূল্যবৃদ্ধিক লৈ সৰৱ অসম জাতীয় পৰিষদ

By

Published : May 30, 2021, 12:58 PM IST

Updated : May 30, 2021, 4:15 PM IST

গুৱাহাটী,৩০ মে' : বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিয়ে সকলো অভিলেখ ভংগ কৰিলে। ২০১৬ চনৰ পৰা এতিয়ালৈকে নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য এশ শতাংশলৈ বৃদ্ধি পালে। আনহাতে এপ্ৰিল মাহৰ তুলনাত মে' মাহত ২০ শতাংশ মূল্যবৃদ্ধি হ'ল। এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ।

মূল্যবৃদ্ধিক লৈ সৰৱ অসম জাতীয় পৰিষদ

দেওবাৰে, এজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত মূল্যবৃদ্ধিক লৈ সৰব হৈ পৰে দলটোৰ নেতৃত্ব । সংবাদমেল সম্বোধন কৰি এজেপিৰ উপ-সভাপতি দুলু আহমেদ, যুটীয়া সম্পাদক চন্দ্ৰ প্ৰকাশ শৰ্মা আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানে কয় 'ক'ভিড মহামাৰীৰ এই ভয়াৱহ পৰিস্থিতিৰ সময়ত চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে দিনক দিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিহে হৈছে। বিগত এমাহত খাদ্য সামগ্ৰীৰ মূল্য ২০ শতাংশলৈ বৃদ্ধি পাইছে। চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ প্ৰায় এমাহ হওঁতেই এই অৱস্থা হৈছে। আমি চৰকাৰখনৰ এই ব্যৰ্থতাক নিন্দা জনাইছো।'

নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অনিয়ন্ত্রিত মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন দুৰ্বিহ কৰি তুলিছে বুলিও উল্লেখ কৰি এজেপিৰ নেতৃত্বই কয় যে, বৰ্তমান সমগ্ৰ বজাৰ ব্যৱস্থাটো ছিণ্ডিকেট চক্ৰৰ নিয়ন্ত্ৰণত আছে। প্ৰতিটো অত্যৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্রতে ছিণ্ডিকেট আছে আৰু ইয়াত জড়িত আছে ৰাজনৈতিক নেতা তথা মন্ত্রী-বিধায়কৰ লগতে একাংশ বিভাগীয় বিষয়া।

কমিচনৰ অংকত এই ছিণ্ডিকেট চলি আছে কিন্তু, ক'ভিড পৰিস্থিতিত দিনক দিনে সাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হৈছে। কিন্তু, ইয়াৰ বিপৰীতে মূল্যবৃদ্ধিৰে লাভৱান হৈছে এক শ্ৰেণীৰ লোক বুলিও দলটোৰ নেতৃবৃন্দই অভিযোগ কৰে ৷ ইয়াৰ লগতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি সাধাৰণ ৰাইজক এই সংকটৰ সময়ত সকাহ দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় দলটোৱে ।

লগতে পঢ়ক:মাৰ্ঘেৰিটাৰ কয়লাখনিত লোহা চোৰৰ উপদ্ৰৱ

Last Updated : May 30, 2021, 4:15 PM IST

ABOUT THE AUTHOR

...view details