গুৱাহাটী, ২ জুলাই : চাকৰিৰ ক্ষেত্ৰত মাৰ্কশ্বিট প্ৰযোজ্য নোহোৱা পৰীক্ষা পাতিব খোজা সিদ্ধান্ত প্ৰত্যাহাৰ কৰি শিক্ষাৰ্থীৰ প্ৰকৃত কল্যাণৰ চিন্তা কৰাৰ আহ্বান জনাইছে অসম জাতীয় পৰিষদে(AJP) ৷ শুকুৰবাৰে দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমান, অমিতাভ বৰঠাকুৰ, অমৃৎ খাটনীয়াৰ আৰু অভিজিত কমল ভূঞাই চৰকাৰৰ বিকল্প পৰীক্ষা পতাৰ ফৰ্মুলাক অবিবেচক, অদূৰদৰ্শী, বিভ্ৰান্তিকৰ আৰু হতাশাজনক আখ্যা দিয়ে ৷ তেওঁলোকে কয় যে, বিকল্প পৰীক্ষাৰ মাৰ্কশ্বীট ভৱিষ্যতৰ গ্ৰহণযোগ্য নথি হিচাপে ব্যৱহাৰ নহ’ব বোলা টোঘলকী সিদ্ধান্তটো বাদ দিলেও গোটেই ফৰ্মূলাটোৱেই নীতিগতভাৱে এটা ভুল সিদ্ধান্ত ৷ নতুন ফৰ্মূলা মতে পৰীক্ষা পাতিবলৈ গ’লে কেৱল ছাত্ৰ-ছাত্ৰীক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিয়াই নহয়, তেওঁলোকৰ মনত এটা হতাশাজনক মানসিকতাও গঢ় লৈ উঠিব পাৰে ৷
নীতিগত ভুলসমূহ পইণ্ট আকাৰে ব্যাখ্যা কৰি দলৰ প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ(spokes person)জিয়াউৰ ৰহমানে কয়, প্ৰথম কথা, চৰকাৰে কৈছে যে বিকল্প মূল্যায়নৰ বাবে তেখেতসকলৰ হাতত মানে বিদ্যালয়সমূহত এশ শতাংশ নথি মজুত আছে ৷ ইয়াৰ বিপৰীতে তেওঁলোকে কয় যে, চৰকাৰৰ ওচৰত এশ শতাংশ নথি নাই ৷ কাৰণ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা জিলা ভিত্তিক আভ্যন্তৰীণ পৰীক্ষা সমিতি(DLIC) নামৰ এখন কমিটীয়ে পাতে যাৰ অধ্যক্ষৰ দায়িত্বত থাকে এগৰাকী অতিৰিক্ত উপায়ুক্ত(Additional SP) আৰু জিলা অধিবিদ্যা পৰিষদৰ সচিবগৰাকী সাধৰণতে উক্ত সমিতিৰ সম্পাদক হয় ৷
আনহাতে, চৰকাৰী স্কুলৰ পৰীক্ষা যিহেতু এটা চৰকাৰী কৰ্তৃপক্ষৰ তত্বাৱধানত হয় সেয়ে উক্ত পৰীক্ষাৰ নম্বৰ তালিকাৰ এটা চৰকাৰী প্ৰমাণ সাপেক্ষতা থাকে ৷ কিন্তু সমস্যাটো হ’ল, এনে বহুত ব্যক্তিগত খণ্ডৰ বিদ্যালয়(private school) আছে যি ছেবা(SEBA) আৰু কাউন্সিল(Council)ৰ পাঠ্যক্ৰম চলায় যদিও তেওঁলোকে ডিএলআইইচিৰ অধীনত পৰীক্ষা নাপাতে ৷ তেওঁলোকে নিজাববীয়াকৈ পৰীক্ষা পাতে৷ সেয়ে তেনে বিদ্যালয়ৰ পৰীক্ষা বা নম্বৰ তালিকাৰ কোনো চৰকাৰী প্ৰমাণ সাপেক্ষতা নাথাকে ৷
এনে অৱস্থাত চৰকাৰী তত্বাৱধানত হোৱা পৰীক্ষাৰ নম্বৰ আৰু চৰকাৰী নিৰীক্ষণ অৱিহনে হোৱা পৰীক্ষাৰ নম্বৰৰ গ্ৰহণযোগ্যতাৰ মাজত অন্তৰ থাকিব ৷ তেনে নম্বৰ প্ৰদান প্ৰক্ৰিয়াত স্বজন তোষণ হোৱাৰ সুৰুঙা থাকি যাব ৷ এনে নম্বৰ প্ৰদান প্ৰক্ৰিয়াত নিৰপেক্ষতা বজাই নোহোৱাৰ সম্ভাৱনা অধিক বুলি সমালোচনা কৰে ৰহমানে ৷ দ্বিতীয় সুৰুঙাটো ব্যাখ্যা কৰি ৰহমানে কয় যে , দশম শ্ৰেণীৰ পৰীক্ষাৰ ক্ষেত্ৰত নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ প্ৰাক-চূড়ান্ত পৰীক্ষাৰ তথা দ্বাদশ শ্ৰেণীৰ ক্ষেত্ৰত দশম আৰু একাদশ শ্ৰেণীৰ নম্বৰ লোৱাৰ কথা কৈছে ৷
কিন্ত বিগত শিক্ষা বৰ্ষত কোভিড পৰিস্থিতিৰ কাৰণে বেছিভাগ ডি এল আই ই চিয়ে পৰীক্ষা পতাই নাছিল ৷ কিছুমান স্কুলে নিজাববীয়াকৈহে পৰীক্ষা অনুষ্ঠিত কৰিছিল ৷ এনে অৱস্থাত স্কুলসমূহে কিহৰ ভিত্তিত নৱম আৰু একাদশ শ্ৰেণীৰ নম্বৰ যোগ কৰিব ৷