গুৱাহাটী, ১৬ মাৰ্চ : বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰাঅসম বাজেটক নতুনত্বহীন হতাশজনক বাজেট আখ্যা দিছে অসম জাতীয় পৰিষদে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘হিতাধিকাৰীক তুষ্টিকৰণৰ লক্ষ্য আৰু নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত ভোটবেংকৰ ৰাজনীতিৰ লক্ষ্যৰে এই বাজেট প্ৰস্তুত কৰিছে চৰকাৰে’’ (AJP reacts on Assam budget 2023)৷
হিতাধিকাৰী সৃষ্টিয়েই এখন ৰাজ্যৰ উন্নতি নাসাধে বুলি উল্লেখ কৰি সভাপতি গগৈয়ে কয়, ‘‘বাজেটখনত জনতা আশা-আকাংক্ষা প্ৰতিফলিত হোৱা নাই ৷ ৰাজ্যৰ বিধ্বস্ত অৰ্থনৈতিক অৱস্থাৰ মাজতে কেৱল মাত্ৰ হিতাধিকাৰীক তুষ্টিকৰণৰ লক্ষ্যৰে প্ৰস্তুত কৰা এখন বাজেটে ৰাজ্যখনৰ বাস্তৱিক উন্নয়ন নাসাধে ৷ কেৱল চমক আৰু ভাষণবাজীৰে ৰাজ্য নচলে ৷ মুখ্যমন্ত্ৰীয়ে কৈছে হিতাধিকাৰীৰ সৃষ্টিয়ে আমাৰ চৰকাৰৰ প্ৰধান লক্ষ্য ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক’’ ৷
‘‘মুখ্যমন্ত্ৰীগৰাকীয়েই যদি হিতাধিকাৰী সৃষ্টিৰ পৃষ্ঠপোষকতা কৰে, তেন্তে ৰাজ্যখনৰ বাবে এয়া নিৰাশাৰ খবৰ ৷ উৎপাদনশীলতাৰ বিপৰীতে হিতাধিকাৰীক তুষ্টিকৰণেই এতিয়া চৰকাৰৰ প্ৰধান লক্ষ্য ৷ এখন ৰাজ্যত যেতিয়া নাগৰিকসকলক হিতাধিকাৰী সজাই পেলোৱা হয়, তেনে ৰাজ্যত প্ৰকৃত উন্নয়ন কেতিয়াও সম্ভৱ নহয় ৷’’ এই কথা উল্লেখ কৰে সভাপতি গগৈয়ে (Assam budget 2023) ৷