গুৱাহাটী, 21 জানুৱাৰী:লাইকা-দধিয়া অঞ্চলৰ প্ৰায় 1,480 টা পৰিয়ালৰপুনৰ সংস্থাপনৰ লগতে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃতাৰ্থত ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ়ি তোলাৰ দাবীত দাবীত লাইকা-দধিয়াবাসীৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে বৃহস্পতিবাৰে গুৱাহাটী ক্লাৱৰ ৰ'টাৰী পইন্টত অসম জাতীয় পৰিষদেও এক প্ৰতিবাদ সাব্যস্ত কৰি লাইকা-দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰে ৷
বৃহস্পতিবাৰে গুৱাহাটী ক্লাবৰ ৰটাৰী পইণ্টত অসম জাতীয় পৰিষদৰ মহানগৰ কামৰূপ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি লাইকা-দধিয়াৰ দুৰ্গত লোকৰ সংস্থাপন দাবী উত্থাপন কৰাৰ লগতে হৰিশঙ্কৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰা দাবী উত্থাপন কৰে ৷
লাইকা-দধিয়াবাসীৰ দাবীৰ সমৰ্থনত ৰাজ্যজুৰি অসম জাতীয় পৰিষদৰ প্ৰতিবাদ উল্লেখ্য যে লাইকা-দধিয়া অঞ্চলৰ প্ৰায় ১,৪৮০ টা পৰিয়ালে পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃতাৰ্থত ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ়ি তোলাৰ দাবীত বিগত 20 ডিচেম্বৰত গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো সহাৰি লাভ নকৰি 21 ডিচেম্বৰৰ পৰা অবিৰত ভাৱে ধৰ্মঘট পালন কৰি আহিছে ৷
লাইকা-দধিয়াবাসীৰ উক্ত দাবীৰ প্ৰতি সহাৰি জনাই বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ নেতৃত্বত ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে মহানগৰীতো অসম জাতীয় পৰিষদৰ মহানগৰ কামৰূপ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি দুৰ্গত লোক সকলৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে অসমৰ বান তথা গড়া খহনীয়াত ক্ষতিগ্ৰস্ত সকলো লোকক সংস্থাপনৰ দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক:লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰত নৱজাতকৰ মৃত্যু