অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

অত্যাধিক মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ পিছতো একমাত্র বণিয়া গোষ্ঠীৰ স্বাৰ্থত চৰকাৰে চকু মুদা কুলিৰ ভাও জুৰিছে। চৰকাৰৰ এনেধৰণৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

By

Published : Feb 26, 2021, 8:06 AM IST

Updated : Mar 2, 2021, 1:19 PM IST

গুৱাহাটী,26ফেব্ৰুৱাৰী:পৰিৱৰ্তন আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ ভাষণ আৰু প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যত সকলো অত্যাৱশ্যকীয় সামগ্রীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে অভাৱনীয় ৰূপ ধাৰণ কৰিছে । অত্যাধিক মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ পিছতো একমাত্র বণিয়া গোষ্ঠীৰ স্বাৰ্থত চৰকাৰে চকু মুদা কুলিৰ ভাও জুৰিছে। চৰকাৰৰ এনেধৰণৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

মহানগৰ সমিতিৰ সভাপতি সঞ্জীৱ বৰা আৰু সম্পাদক প্ৰণৱ ডেকাৰ নেতৃত্বত কামৰূপ জিলাৰ বিভিন্ন স্থানৰ পৰা অহা দুই সহস্রাধিক লোকে মাছখোৱাৰ লাচিত ঘাটৰ পৰা প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্যলয়লৈ আগবাঢ়ি যায় ৷ লগতে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন স্মাৰকপত্ৰ যোগে জিলা উপায়ুক্তক আহ্বান জনায় । একেদৰে গ্ৰাহকৰ ওপৰত লুন্ঠন চলোৱা একাংশ অসৎ ব্যৱসায়ীয়ে অবৈধ ভাৱে মূল্যবৃদ্ধি ঘটাই গৈ থকা কাৰ্যৰ প্ৰতি চৰকাৰে নীৰৱে সমৰ্থন জনোৱা কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিৰোধ গঢ়ি তুলিবলৈ সঞ্জীৱ বৰাই এখন গোহাৰি প্ৰকাশ কৰি ৰাইজলৈ আহ্বান জনায় ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

আনহাতে প্ৰতিবাদীস্থলীত উপস্থিত হৈ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে "পৰিৱৰ্তন, উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰে জনতাক আভুৱা ভৰিছে । দাইল, পিয়াজ, মিঠাতেল, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্রীৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ, পেট্ৰ’ল, ডিজেল, ৰড, চিমেন্ট আদি সকলো সামগ্রীৰ মূল্য কেইবাগুনো বৃদ্ধি পাইছে । যোৱা ৪ বছৰত ৰাজ্যত সামগ্রীৰ মূল্য ২০% ৰ পৰা ১০০% বৃদ্ধি পাইছে । মূল্য বৃদ্ধিয়ে জনতাৰ মূৰত মাধমাৰ শোধোৱাৰ পিছতো যোগান মন্ত্রী আৰু মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ ৰহস্যজনক নীৰৱ ভূমিকা অতি লজ্জাজনক।"

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

প্ৰতিবাদী কাৰ্যসূচীত কামৰূপ মহানগৰ জিলাৰ সকলো বিষষববীয়া, কৰ্মকৰ্তাৰ উপৰিও জাতীয় পৰিষদৰ ভাতৃ আৰু ভগ্নী সংগঠন ক্ৰমে জাতীয় যুৱ শক্তি আৰু জাতীয় মহিলা শক্তিৰ সহস্রাধিক কৰ্মকৰ্তা আৰু বিষয়ববীয়াই অসম চৰকাৰৰ এনেধৰণৰ ৰাইজক জুৰুলা কৰা জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে চৰকাৰক তীব্র গৰিহণা দিয়ে।


লগতে পঢ়কঃ সোণৰ কণী পৰা হাঁহত পৰিণত অম্বিকাগিৰী পথ

Last Updated : Mar 2, 2021, 1:19 PM IST

ABOUT THE AUTHOR

...view details