অসম

assam

ETV Bharat / state

সাংবাদিক পৰাগ ভূঞা হত্যাৰ বিৰুদ্ধে এজেপিৰ মৌন প্ৰতিবাদ - পৰাগ কুমাৰ দাস

দীঘলীপুখুৰী পাৰত অসম জাতীয় পৰিষদৰ মৌন প্ৰতিবাদ ৷ সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহত মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷ উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জড়িয়তে তদন্ত কমিটি গঠন কৰি ইয়াৰ তদন্ত কৰাৰ দাবী জনাই এজেপিয়ে ৷

as_ghy_protest_against_Parag_Bhuyan_murder_AS10028
সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহত এজেপিৰ মৌন প্ৰতিবাদ

By

Published : Nov 14, 2020, 7:54 PM IST

গুৱাহাটী, ১৪ নৱেম্বৰ:সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহত দীঘলীপুখুৰী পাৰত অসম জাতীয় পৰিষদৰ মৌন প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাকপথাৰৰ সাংবাদিক গৰাকীৰ সন্দেহজনক হত্যাকাণ্ডৰ চিআইডিৰ তদন্তৰ নিৰ্দেশ দিছে যদিও ঘটনা সন্দৰ্ভত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত আছে ৷ তাৰ মাজতে শনিবাৰে সাংবাদিকগৰাকীৰ হত্যাকাণ্ডৰ উচিত তদন্ত বিচাৰি অসম জাতীয় পৰিষদে দীঘলীপুখুৰী পাৰত এক মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

সাংবাদিক পৰাগ ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহত এজেপিৰ মৌন প্ৰতিবাদ

তেওঁলোকৰ দাবী পৰাগ কুমাৰ দাসৰ পৰা পৰাগ ভূঞালৈকে বহু সাংবাদিকে প্ৰাণ হেৰুৱালে ৷ কিমান দিনলৈ এনেকে সাংবাদিক নিগ্ৰহৰ ঘটনা ঘটি থাকিব ? প্ৰতিগৰাকী সাংবাদিকৰ বাবে ন্যায় বিচাৰিলে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ আৰু ক'লা বেজ পৰিধান কৰি ন্যায় আমাক লাগিবই, হত্যাৰ আঁৰত কোন উত্তৰ লাগে আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। দুৰ্নীতিৰ বিৰুদ্ধে আপোচ বিহীনভাবে বাতৰি পৰিবেশন কৰি অহা সাংবাদিকগৰাকীক অচিনাক্ত বাহনে খুন্দিয়াই হত্যা কৰাৰ আঁৰত কোন আছে তাৰ উচিত তদন্ত কৰাৰ দাবী জনাই কয় যে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জড়িয়তে তদন্ত কমিটি গঠন কৰি ইয়াৰ তদন্ত কৰিব লাগে ৷

লগতে পঢ়ক:সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিৰুদ্ধে মৌন প্ৰতিবাদ

ABOUT THE AUTHOR

...view details