গুৱাহাটী, 12 ফেব্ৰুৱাৰী : অমিত শ্বাহৰ উপস্থিতিয়ে পুনৰ বিজেপি দলৰ অসম বিৰোধি স্থিতি স্পষ্ট কৰিলে । অসমবাসীক পুনৰ ভয়, শংকা আৰু সংকটৰ মাজলৈ নিয়াৰ যো-জা চলাইছে চৰকাৰে । অসমীয়া ভাষা-সংস্কৃতিক ধ্বংস কৰিব পৰা প্ৰসংগ মুকলিকৈ প্ৰকাশ কৰিছে অমিত শ্বাহে । 'কা' আইন কৰ'ণাতকৈয়ো ভয়াবহ ভাইৰাছ এই মন্তব্য অসম জাতীয় পৰিষদৰ উপ-সভাপতি অদীপ কুমাৰ ফুকনৰ ।
'কা' আইন কৰ'ণাতকৈয়ো ভয়াবহ ভাইৰাছ: অদীপ কুমাৰ ফুকন - কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
অসম জাতীয় পৰিষদৰ সংবাদমেল ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদমেল সম্বোধন নৱ গঠিত আঞ্চলিক দলটোৰ ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা দলটোৰ ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ শেহতীয়া অসম ভ্ৰমণৰ সময়ছোৱাত কৰ'ণা প্ৰতিষেধক প্ৰদান অভিযান অন্ত পৰাৰ পিচতে 'কা' বলবৎ হ'ব বুলি কোৱা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 'অসম জাতীয় পৰিষদে' । কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ এনে মন্তব্যক লৈ শুকুৰবাৰে দলটোৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিলে অদীপ কুমাৰ ফুকনে । ফুকনৰ মন্তব্য অনুসৰি, 'কা' বলবৎ হ'লে ঐকবদ্ধ সংগ্ৰাম বলবৎ হ'ব । উদ্যোগক্ষেত্ৰ বিকাশতকৈ উদ্যোগ ধ্বংসত আগভাগ লৈছে ৰাজ্যৰ উদ্যোগ মন্ত্ৰীয়ে ।
লগতে পঢ়ক :অসমত পেট্ৰ'ল-ডিজেলৰ মূল্য হ্ৰাস:বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা