গুৱাহাটী,১৩ অক্টোবৰ:মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Dr Himanta Biswa Sarma)ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অসাৰ কৰিব বিচাৰিছে । এই অভিযোগ অসম জাতীয় পৰিষদ(AJP president react on NRC) চমুকৈ এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । বৃহস্পতিবাৰে এজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি তেওঁ এই অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে ২০০৫ চনৰ ৫ মে'ত প্ৰাক্তন প্রধান মন্ত্ৰী ড৹ মনমোহন সিঙৰ (Former PM Dr Manmohan Singh) অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত অনুষ্ঠিত আলোচনাত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ।
তেওঁ কয় যে অসম চুক্তিৰ (Assam Accord) আধাৰতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ (National Register of Citizens) প্ৰস্তুতৰ সিদ্ধান্ত হৈছিল । ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু ১৯৭১ চনৰ ভোটাৰ তালিকাকে (Electoral Rolls of 1971) মূলতঃ আধাৰ হিচাবে লোৱাৰ সিদ্ধান্ত হৈছিল । এই আলোচনাত অসম চৰকাৰৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছিল । সেই সিদ্ধান্ত অনুসৰি অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ কাম আগবাঢ়িছিল ।
গগৈয়ে পুনৰ কয় য়ে দুয়োখন চৰকাৰৰ অলস মনোবৃত্তিৰ বাবে প্রস্তুতিৰ কাম বহু পলম হৈছিল । নিয়ম-নীতিবোৰ সংবিধানৰ আধাৰতে প্ৰস্তুত কৰা হৈছিল। অসমৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নিৰ্মাণৰ বিষয়টো নাগৰিকত্ব আইনৰ অন্তৰ্ভুক্ত কৰা হৈছিল । বিভিন্ন পক্ষৰ সন্মতিক্রমে উচ্চতম ন্যায়ালয়ৰ তদাৰকত নাগৰিকপঞ্জীৰ প্ৰস্তুতৰ কাম আৰম্ভ হৈছিল । বহু বিধি-পথালিৰ মাজত ২০১৯ চনৰ ৩১ আগষ্টৰ নিশা অৱশেষত কাম আৰম্ভ হোৱাৰ প্ৰায় ৫ বছৰৰ মূৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন প্ৰকাশ হৈছিল । প্ৰস্তুতিৰ ইতিহাস অসমৰ মানুহে ভালদৰে জানে ।
তেওঁ লগতে কয় যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে প্ৰতিটো স্তৰতে বাধা দিছিল । উচ্চতম ন্যায়ালয়ৰ নির্দেশ নামানি বিষয়াবর্গক সঘনে বদলি কৰিছিল । ৰাজ্য চৰকাৰৰ অসহযোগী মনোভাৱৰ বাবে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা অসম বঞ্চিত হ’ল । প্রকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন ত্রুটিপূৰ্ণ হৈ ৰ'ল । অসমৰ বিদেশী নাগৰিকৰ সমস্যাটোৰ ভয়াৱহতা অনুপাতে নাগৰিকপঞ্জীখনক লৈ জনসাধাৰণ সন্তুষ্ট হ’ব নোৱাৰিলে । ছাত্ৰ সন্থাকে ধৰি বিভিন্ন পক্ষৰ পৰা পৰ্য্যালোচনা কৰাৰ দাবী উত্থাপিত হ’ল । এফালে বহুতো খিলঞ্জীয়া মানুহৰ নাম বাদ পৰিল আৰু আনফালে বহুতো সন্দেহযুক্ত বাংলাদেশীৰ নাম অন্তর্ভুক্ত হ’ল । তেতিয়াৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী নিৰ্মাণ কৰ্তৃপক্ষৰ সমন্বয়ক প্রতীক হাজেলাই এখন অশুদ্ধ তালিকা প্রকাশ কৰি উচ্চতম ন্যায়ালয়ৰ সন্মতি লৈ অসম এৰিলে ।
এজেপিৰ সভাপতিগৰাকীয়ে পুনৰ কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পর্কীয় শুনানিত উচ্চতম ন্যায়ালয়ে সমস্যাটো ব্যাপকতা অনুধাৱন কৰি বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়াটো দ্ৰুততৰ কৰিবলৈ দুশখন অতিৰিক্ত বিদেশী ন্যায়াধীকৰণ গঠনৰ নিৰ্দেশ দিছিল । ইয়াৰ বাবে যাৱতীয় সদস্য আৰু কৰ্মচাৰী নিয়োগ কৰিবলৈ অসম চৰকাৰক নির্দেশ দিছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court) তদাৰকত ন্যায়াধীৰণৰ সদস্যসকলক বাছনি কৰা হৈছিল । সদ্যহতে ১৭৯ জন সদস্যই ন্যায়াধীকৰণৰ কামত নিয়োজিত হৈ আছে । আনহাতে ,অতিৰিক্ত ন্যায়াধীকৰণসমূহ গঠনৰ বাবে যাবতীয় ধন কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিছে ।