গুৱাহাটী, 9 মে’: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ এবছৰীয়া কাৰ্যকালত(One year anniversary of BJP Govt in Assam) অসমৰ জনগন আৰু নিৱনুৱাসকলক ৰামটাঙোন সোধাইছে বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অভিযোগ উত্থাপন কৰিছে । গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে(AJP president Lurinjyoti Gogoi) এই অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ যোৱা এবছৰৰ কাৰ্যালয়ত মূল্যবৃদ্ধি, ঋণ, মুক্তহত্যা অৰু বিলাসিতাৰ নামত সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি অসমৰ ৰাইজক দুৰ্দশাৰ জীৱন কটোৱাৰ বাবে ঠেলি দিছে ।
বিজেপিৰ শাসনত অসমৰ অৰ্থনীতি শ্ৰীলংকাৰ দৰে হ'ব: লুৰীণজ্যোতি গগৈ বিজেপি চৰকাৰখনে অসমৰ জনগনৰ ওপৰত ১ লাখ ২৪ হাজাৰ কোটি টকাৰ ঋণৰ বোজা জাপি দি ৰামটাঙোন সোধাইছে (Debt burden of Assam)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰে যোৱা এবছৰৰ কাৰ্যালয়ত ন্যায়ৰ শাসন ব্যৱস্থাক সম্পূৰ্ণভাৱে নস্যাৎ কৰি প্ৰহসন সৃষ্টি কৰি ৰাজ্যত মুক্তহত্যাৰ সমাহাৰ ঘটাইছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰখন মাত্ৰ বিলাসিতাৰে শাসন চলাই অছে । চৰকাৰখনে আত্মনিৰ্ভৰশীল অসমৰ শ্লোগানৰ নামত বহুৱালি কৰি আছে বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে ৷
লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে, বিজেপি চৰকাৰৰ শাসনত সকলো সামগ্ৰীৰ ভয়াবহ মূল্যবৃদ্ধিয়ে ৰাইজক সৰ্বস্বান্ত কৰি তুলিছে । বিজেপি চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে (Price hike in Assam)। শেহতীয়াভাৱে চৰকাৰে আকৌ ১৪৩ বিধ সামগ্ৰীৰ জি এছ টি বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে (GST increases in India)। লুৰীণজ্যোতি গগৈয়ে কয়-" মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩১ মাৰ্চৰ ভিতৰত ১ লাখ নিৱনুৱাক চৰকাৰী চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিল । আকৌ ব্যক্তিগত খণ্ডত ৮ লাখ নিৱনুৱাক সংস্থাপন দিয়াৰো প্ৰতিশ্ৰুতি দিছিল । এই সকলোবোৰ প্ৰহণত পৰিণত হৈছে । যোৱা এবছৰত মাত্ৰ অসমৰ ১০০০ পৰা ১২০০ গৰাকী নিৱনুৱাক চৰকাৰে চৰকাৰী চাকৰি দিছে ।’’
বিজেপিৰ চৰকাৰখনক পুঁজিপতিৰ মিত্ৰ চৰকাৰ আৰু সৰ্বসাধাৰণৰ শত্ৰু চৰকাৰ বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয়-" কংগ্ৰেছৰ শাসনত অসম চৰকাৰৰ ঋণৰ বোজা আছিল ৩৯ হাজাৰ কোটি টকা । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ পাচবছৰীয়া শাসনত চৰকাৰৰ ঋণৰ বোজা বৃদ্ধি হৈ ৮৪ হাজাৰ কোটি টকা হয় । আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰে এবছৰীয়াত কাৰ্যকালত ঋণৰ বোজা বৃদ্ধি হৈ ১ লাখ ২৪ হাজাৰ কোটি টকা হয় ।’’ তেওঁ কয় যে বিজেপিৰ শাসনত অসমৰ অৰ্থনীতি শ্ৰীলংকাৰ দৰে হোৱাটো নিশ্চিত ।
লগতে পঢ়ক:বিজেপি চৰকাৰ কেৱল শ্লোগান সৰ্বস্ব : ভূপেন বৰা