গুৱাহাটী, 21 জুন:অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মঙলবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে নিৰ্দেশনামা ৷ নিৰ্দেশনামা অনুসৰি লোকসভা আৰু বিধানসভাত সমষ্টিৰ সংখ্যা একেই ৰখা হৈছে যদিও চাৰিসীমাৰ ব্যাপক পৰিবৰ্তন কৰা হৈছে ৷ জুলাইত খচৰা সন্দৰ্ভত হ’ব ৰাজহুৱা শুনানি ৷ যাৰ বাবে জুলাইত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল ৷
নিৰ্বাচন আয়োগে জাৰি কৰা নিৰ্দেশনামা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ নিজৰ প্ৰতিক্ৰিয়াত লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক অত্যন্ত দুৰ্ভাগ্যজনক আৰু ষড়যন্ত্ৰমূলক আখ্যা দিয়ে ৷ বৰ্ত্তমান সময়ত 2001 চনৰ জনসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক ভৱিষ্যত নিঃশেষ তথা ধ্বংস কৰিব ৷ এই কথা এজেপিয়ে পূৰ্বৰে পৰা কৈ আহিছিল বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে বিৰোধী ৰাজনৈতিক দলে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰখাৰ বাবে নিৰ্বাচন আয়োগক কৈছিল ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণ নোহোৱা পৰ্যন্ত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নোৱাৰে ৷
লক্ষণীয় বিষয় যে ইয়াৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগটো আহোতে বৰ্ত্তমান শাসনত থকা বিজেপি দলেও এন আৰ চিৰ পাছত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পোষকতা কৰিছিল ৷ সেইসময়ত আনকি শাসনত থকা কংগ্ৰেছ দলেও বিৰোধীৰ হেঁচাত ইয়াক মানিবলৈ বাধ্য হৈছিল ৷ তেওঁ কয় যে বৰ্ত্তমান সময়তো পৰিস্থিতি সলনি হোৱা নাই, বিদেশী সমস্যাৰ সমাধান হোৱা নাই ৷ এন আৰ চি হোৱা নাই ৷ গতিকে বৰ্ত্তমান সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কোনো যুক্তি নাই ৷ 2026 চনত সমগ্ৰ দেশত সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব আৰু সেই সময়ত একেলগে এই প্ৰক্ৰিয়া কৰাৰ বাবে আহ্বান জনোৱা হৈছিল ৷