গুৱাহাটী, 8 আগষ্ট: পশ্চিমবংগৰ চিআইডিয়ে জেৰাৰ বাবে চমন দিয়া গুৱাহাটীৰ ব্যৱসায়ী অশোক ধানুকাক অসম চৰকাৰে ৰক্ষণাবেক্ষণ দিছে বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সোমবাৰে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, ঝাৰখণ্ডৰ বিধায়কৰ গাড়ীত লক্ষ লক্ষ টকা উদ্ধাৰ কৰা গোচৰৰ তদন্ত কৰা পশ্চিমবংগ আৰক্ষীৰ চি আই ডিয়ে জেৰাৰ বাবে গুৱাহাটীৰ ব্যৱসায়ী ধানুকাক চমন দিছে (CID summons businessman Ashok Dhanuka)।
ধানুকা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে, ধানুকাক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰক্ষণাবেক্ষণ দিয়াৰ সৰ্বোতোপ্ৰকাৰে চেষ্টা চলাই আছে । তেওঁ কয় যে হিমন্ত বিশ্ব শর্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই হিমন্ত বিশ্ব শর্মাৰ অতি ব্যৱসায়ী অশোক ধানুকা আৰু ঘনশ্যাম ধানুকাৰ লগত লগ লাগি কোভিডকালীন সময়ত ছেনিটাইছাৰ, পি পি কিট(PPE Kit scam) আৰু দৰৱ যোগানৰ নামত সংঘটিত কৰা কেংলেকাৰী ইতিমধ্য পোহৰলৈ আহিছে ।