অসম

assam

ETV Bharat / state

ভূমি পট্টা দি নিজৰ ব্যৰ্থতা ঢাকিব খুজিছে চৰকাৰে : লুৰিণ জ্যোতি গগৈ

যােৱা পাঁচ বছৰত কিমান পৰিয়ালে তেওঁলােকৰ আৱণ্টিত মাটি, একচনীয়া পট্টাৰ মাটি আৰু ম্যাদী পট্টাৰ মাটি গৰাখহনীয়াত হেৰুৱালে আৰু তেনে কিমান পৰিয়ালে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শাসনকালত মাটিৰ আৱণ্টন পট্টা আদি পালে সেয়া জনাবলৈ প্ৰত্যাহ্বান জনাইছে অসম জাতীয় পৰিষদে । অসমৰ কৃষিভূমি খেতি নকৰা মানুহৰ হাতলৈ হস্তান্তৰ নকৰিবলৈ চৰকাৰক দাবী দলটোৰ ৷

Ajp press meet
ভূমি পট্টা দি নিজৰ ব্যৰ্থতা ঢাকিব খুজিছে চৰকাৰে : লুৰিণ জ্যোতি গগৈ

By

Published : Jan 20, 2021, 3:51 PM IST

Updated : Jan 20, 2021, 4:04 PM IST

গুৱাহাটী, ২০ জানুৱাৰী : ভূমিহীন লোকক ভূমি পট্টা প্ৰদানৰ বিষয়ক লৈ চৰকাৰ সমালোচনা অসম জাতীয় পৰিষদৰ ৷ গুৱাহাটীত সংবাদমেল পাতি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে, দেশ স্বাধীন হােৱাৰ আগতে আৰু দেশ স্বাধীন হােৱাৰ পাছতাে অসমত ৰাজ্য চৰকাৰে বিভিন্ন সময়ত মাটিহীন লােকৰ মাজত মাটি বিতৰণ কৰি আহিছে । এইটো চৰকাৰৰ পৰা কোনাে সাফল্য হিচাপে প্ৰচাৰ কৰিবলগীয়া কথা নহয় । যােৱা পাঁচোটা বছৰে এই স্বাভাৱকি প্রক্রিয়া বাধাগ্রস্ত কৰাৰ পাছত আৰু লাইকা-দধীয়া, মিকিৰ বামুণি গ্ৰাণ্ট আদিৰ দৰে অঞ্চলৰ ব্যর্থতা ঢাকিবলৈ মাটিৰ পট্টা দিয়াৰ দৰে নিয়মীয়া কর্তব্যৰ বিষয়ে অত্যাধিক প্রচাৰ চলাইছে চৰকাৰে ।

সভাপতি গৰাকীয়ে আৰু কয় যে, বর্তমানৰ ৰাজ্য চৰকাৰে যােৱা কেইমাহমানৰ পৰা কৈ আহিছে যে চাৰিবছৰীয়া শাসনকালত অসমৰ খিলঞ্জীয়া ভূমিহীন একলাখ লােকক মাটিৰ পট্টা দিছে তেওঁলোকে । লগতে অহা ২৩ জানুৱাৰীত শিৱসাগৰত ভাৰতৰ প্রধানমন্ত্ৰীৰ দ্বাৰা আৰু এক লাখ ভূমিহীন লােকক মাটিৰ পট্টা দিয়া হ'ব। এনে কাম অতীতত কোনেও নকৰা কাম বুলি জনগণক পতিয়ন নিয়াবলৈ প্ৰয়াস কৰিছে বিজেপি চৰকাৰে । নির্বাচনৰ আগমুহূৰ্তত চৰকাৰৰ সকলাে প্ৰচাৰমুখী কাৰ্য চৰকাৰী খৰচত দলৰ নির্বাচনী প্রচাৰৰ বাদে আন একো নহয় । বৰ্তমানৰ ৰাজ্য চৰকাৰে মাটিৰ পট্টা দিয়াৰ বিষয়টো এনেদৰে প্ৰচাৰ চলাইছে যেন আগৰ ৰাজ্য চৰকাৰবােৰে অসমৰ খিলঞ্জীয়া লােকক মাটি দিয়াৰ ক্ষেত্ৰত একো কৰাই নাছিল ।

ভূমি পট্টা দি নিজৰ ব্যৰ্থতা ঢাকিব খুজিছে চৰকাৰে : লুৰিণ জ্যোতি গগৈ

দেশ স্বাধীন হােৱাৰ পাছত অসমৰ ৰাজ্য চৰকাৰসমূহে ভূমি সংস্কাৰৰ বাবে বিভিন্ন আইন প্রণয়ন কৰিছিল। আইনসমূহৰ আধাৰত মাটিহীন লােকে মাটিৰ আৱণ্টন, পট্টন আদি পাইছিল । ইয়াৰ উপৰিও নগৰ অঞ্চলত আৰু আন ঠাইতাে চৰকাৰে প্রিমিয়াম আদায় কৰি ঘৰ সাজিবলৈ আৰু বিভিন্ন প্রকাৰৰ উদ্যোগ আৰু ব্যাৱসায়িক প্রতিষ্ঠান স্থাপন কৰিবলৈ মাটিৰ আৱণ্টন, পট্টা দি আহিছে ।

যােৱা পাঁচ বছৰত কিমান পৰিয়ালে তেওঁলােকৰ আৱণ্টিত মাটি, একচনীয়া পট্টাৰ মাটি আৰু ম্যাদী পট্টাৰ মাটি গৰাখহনীয়াত হেৰুৱালে আৰু তেনে কিমান পৰিয়ালে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শাসনকালত মাটিৰ আৱণ্টন পট্টা আদি পালে সেয়া জনাবলৈ প্ৰত্যাহ্বান জনাইছে অসম জাতীয় পৰিষদে । লগতে এতিয়াও কিমান আবেদনকাৰীয়ে মাটিৰ পট্টা নােপােৱাকৈ আছে সেই কথাও ৰাজ্য চৰকাৰক জনাবলৈ আহ্বান জনাইছে । তেনে কৰিলেহে যােৱা পাঁচোটা বছৰত চৰকাৰখন কিমান অদক্ষ আছিল সেয়া ওলাই পৰিব বুলি সদৰী কৰে লুৰিণ জ্যোতি গগৈয়ে ।

সংবাদমেলত সভাপতিগৰাকীয়ে ইয়াৰ লগতে বলপূর্বকভাৱে পট্টাৰ ম্যাদী ভূ-মাফিয়া আৰু আন কোনাে দুৰ্বৃত্তই দখল কৰা সন্দৰ্ভত প্রাসংগিক আইনৰ অধীনত কিমান গােচৰ ৰাজ্যখনত এতিয়ালৈ ৰুজু হৈছে, আৰু তদন্তৰ পাছত তেনে গােচৰৰ কিমানটা আদালতলৈ বিচাৰৰ বাবে প্রেৰণ কৰা হৈছে সেই সংখ্যাও প্রধান মন্ত্ৰীৰ সভাত উল্লেখ কৰিবলৈ প্ৰত্যাহ্বান জনায় । তেওঁ কয় যে আইন মতে চৰকাৰী মাটি বিনামূলীয়াকৈ আৱন্টন পােৱাৰ তিনি বছৰৰ পাছতাে সম্পূৰ্ণৰূপে ব্যৱহাৰ নকৰিলে তেনে অব্যৱহৃত মাটিবােৰ চৰকাৰে নিজৰ হাতলৈ নিব পাৰে । তেনে মাটি অসমৰ ভূমিহীন খিলঞ্জীয়া মানুহক বিতৰণ কৰিব পাৰে । কিন্তু চৰকাৰে তেনে কাম নকৰিলে । বৰঞ্চ পুঁজিপতিক খিলঞ্জীয়াৰ কিমান মাটি দিব পাৰে তেনে কামতহে ব্যস্ত থাকিল ।

২০১৫ চনৰ পৰা অসমৰ কৃষিভূমি খেতি নকৰা মানুহৰ হাতলৈ হস্তান্তৰ কৰাটো সহজ কৰা হৈছে । এনে খিলঞ্জীয়া বিৰােধী আত্মঘাতীমূলক কামৰ পৰা বিৰত থাকিবলৈ অসম জাতীয় পৰিষদে বিজেপি চৰকাৰক সকীয়াই দিয়ে । ইয়াৰ পৰিৱর্তে বান-গৰাখহনীয়াত মাটি হেৰুওৱা ঘটনাক প্রাকৃতিক দুর্যোগ বুলি গণ্য কৰি ক্ষতিগ্রস্ত লােকসকলক কৃষিভূমি দিবলৈ অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই দাবী জনায়।

লগতে পঢ়ক :বিহুৰ পূৰ্বেই অসমত বিধানসভাৰ নিৰ্বাচন

Last Updated : Jan 20, 2021, 4:04 PM IST

ABOUT THE AUTHOR

...view details