গুৱাহাটী, ৫ আগষ্ট: অসমত সাম্প্ৰদায়িক সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্যে আৰু মণিপুৰৰ ঘটনা সন্দৰ্ভত অসম জাতীয় পৰিষদৰ উদ্যোগত শনিবাৰে গুৱাহাটীত এখন নাগৰিক সভা অনুষ্ঠিত হয় । এই সভাত সভাপতিত্ব কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈয়ে । সভাপতিৰ ভাষণত লুৰীনজ্যোতি গগৈয়ে কয় যে মঙলদৈত বজৰং দলে মুকলিকৈ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া ঘটনাৰ ক্ষেত্ৰত চৰকাৰ তথা আৰক্ষী বিভাগৰ পক্ষপাতমূলক আচৰণ আৰু স্বয়ং চৰকাৰী বৰমূৰীয়াসকলৰ দ্বাৰা ৰাজ্যত সাম্প্ৰদায়িক বিভাজনৰ ষড়যন্ত্ৰ চলা বিষয়সমূহে সকলোকে উদ্বিগ্ন কৰি তুলিছে ৷
তেওঁ কয় যে শাসক দলৰ একাংশ নেতাৰ দ্বাৰা সাম্প্ৰদায়িক উচটনিমূলক বক্তব্য প্ৰদান কৰা আৰু তাৰ প্ৰত্যুত্তৰ দিয়াৰ নামত আন একাংশই সাম্প্ৰদায়িক বক্তব্য প্ৰকাশৰ জৰিয়তে ৰাজ্যৰ সম্প্ৰীতিৰ আকাশখন ডাৱৰীয়া কৰি তোলাৰ বিষয়টো উদ্বেগজনক ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈয়ে পুনৰ কয় যে সাম্প্ৰদায়িকতাৰ উকমুকনিয়ে সমগ্ৰ সমাজ ব্যৱস্থাৰ প্ৰতি ভাঙোন আৰু প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । এনে এক জটিল সন্ধিক্ষণত এই নাগৰিক সভা আহ্বান কৰা হৈছে । সাম্প্ৰদায়িকতাৰ বিষবাস্প সমগ্ৰ দেশতে বিয়পিব ধৰিছে। গতিকে এনে সময়ত মানুহৰ মাজত সমন্বয় আৰু সম্প্ৰতিৰ এনাজৰীডাল কটকটীয়া কৰি তুলিব লাগিব । এয়া সময়ৰ আহ্বান।
ইপিনে,সভাত বিশিষ্ট অধিবক্তা হাফিজ ৰছিদ চৌধুৰীয়ে কয় যে দেশত এতিয়া বিভেদৰ ৰাজনীতি চলি আছে । শাসনপক্ষই এই বিভেদৰ ৰাজনীতিত সাৰপানী যোগায় আছে । তেওঁ মনিপুৰৰ ঘটনাক উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ দুৰ্বল ভূমিকাক সমালোচনা কৰে । বিভেদৰ ৰাজনীতিক বাধা দিবলৈ তেওঁ ৰাইজক আহ্বান জনায় ।