গুৱাহাটী,20 ছেপ্তেম্বৰঃদেওবাৰে আনুষ্ঠানিক ভাৱে মুকলি হ'ল অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়। মহানগৰীৰ আমবাৰীৰ লেম্বৰোডত মুকলি কৰা হ'ল অসম জাতীয় পৰিষদৰ কাৰ্যালয় । দলটোৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞা আৰু আহ্বায়ক বসন্ত ডেকাৰ লগতে ভালেকেইজন দলটোৰ কৰ্মকৰ্তা উপস্থিত থাকে উক্ত অনুষ্ঠানত । ইপিনে দেওবাৰে দলটোৰ কাৰ্যালয় মুকলি অনুষ্ঠানত অসম গণ পৰিষদৰ ভ্ৰাতৃ সংগঠন অসম যুৱ পৰিষদৰ প্ৰায় শতাধিক কৰ্মীয়ে দলটোত যোগদান কৰে।
আনুষ্ঠানিক ভাৱে মুকলি হ'ল অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয় - অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়
দলটোৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞা আৰু আহ্বায়ক বসন্ত ডেকাৰ লগতে ভালেকেইজন দলটোৰ কৰ্মকৰ্তা উপস্থিত থাকে অনুষ্ঠানত ৷
আনুষ্ঠানিক ভাৱে মুকলি হ'ল অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়
আনহাতে মিত্ৰতা প্ৰসংগত মন্তব্য প্ৰকাশ কৰে দলটোৰ ৰাজ্যিক সমন্বয়ক জগদীশ ভূঞাই -" কৃষক মুক্তিৰ লগতে আন সকলো জাতীয় দল সংগঠনৰ লগত মিত্ৰতা আমিও বিচাৰো। কিন্তু আমাৰ দল গঠনৰ প্ৰক্ৰিয়া এতিয়াও শেষ হোৱা নাই। নৱেম্বৰৰ ভিতৰত দল গঠনৰ প্ৰক্ৰিয়া শেষ হ'ব। পূৰ্ণাংগ দলে মিত্ৰতা প্ৰসংগ আগুৱাই নিব।" তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
লগতে পঢ়কঃ অসমৰ গাঁও মেঘালয়ত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা