অসম

assam

By

Published : Jun 21, 2023, 6:44 PM IST

Updated : Jun 21, 2023, 6:49 PM IST

ETV Bharat / state

Opposition unity: উদ্ধৱ থাকৰেৰ সৈতে বৈঠক অসম জাতীয় পৰিষদ নেতৃবৰ্গৰ

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেৰ সৈতে বৈঠকত মিলিত হ’ল অসম জাতীয় পৰিষদ ৷ বুধবাৰে মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে লুৰীণজ্যোতিৰ গগৈৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে ৷ আঞ্চলিক দলসমূহক একত্ৰিত কৰা সন্দৰ্ভত আলোচনা কৰে থাকৰেৰ সৈতে ৷

Opposition unity
Opposition unity

বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে শিৱ সেনাৰে অজাপৰ বৈঠক

গুৱাহাটী , 21 জুন: বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে বিৰোধী শক্তিক একত্ৰিত কৰাৰ বাবে উত্তৰ পূবলৈ আহিব শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰে ৷ বুধবাৰে এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷

উল্লেখ্য যে বুধবাৰে মুম্বাইত অসম জাতীয় পৰিষদৰ নেতৃবৃন্দ উপস্থিত হৈ শিৱ সেনাৰ নেতা উদ্ধৱ থাকৰেৰ সৈতে বৈঠকত মিলিত হয় ৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত যোৱা 4 জনীয়া দলটোৱে মুম্বাইৰ ‘মাতোশ্ৰী’ত উদ্ধৱ থাকৰেৰ সৈতে আলোচনাত মিলিত হয় ৷

উদ্ধৱ থাকৰেৰ সৈতে বৈঠক অসম জাতীয় পৰিষদ নেতৃবৰ্গৰ

সমগ্ৰ ভাৰতবৰ্ষৰ আঞ্চলিক শক্তি, জাতীয়তাবাদী শক্তিসমূহে পৰৱৰ্তী দিনত কেনেধৰণে ভূমিকা ল’ব লাগিব সেই সম্পৰ্কে বৈঠকত আলোচনা কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে গগৈয়ে ৷ তেওঁ লগতে কয় যে বিজেপিক পৰাভূত কৰিবলৈ যি ৰণকৌশল গ্ৰহণ কৰিছে সেই ব্যৱস্থাটোত উদ্ধৱ থাকৰেই সন্মুখত থাকি নেতৃত্ব দিছে ।

উত্তৰ পূৰ্বাঞ্চললৈ আহি ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহৰ লগত যোগাযোগ কৰি আঞ্চলিক ধাৰাটো শক্তিশালী কৰাৰ বাবে ঐক্যবদ্ধভাৱে আগবঢ়াই নিবলৈ আলোচনা কৰিব বুলি থাকৰেই আশ্বাস দিয়ে বুলিও মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ অসম জাতীয় পৰিষদৰ দলটোত সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে উপস্থিত থাকে সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি চমছেৰ সিং আৰু মুখপাত্ৰ জিয়াউৰ ৰহমান ৷

উল্লেখ্য যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দলক একত্ৰিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ যাৰ বাবে পাটনাত 23 জুনত মিলিত হ’ব বিৰোধী দলসমূহ ৷

লগতে পঢ়ক:Manipur Violence : মণিপুৰ জ্বলাৰ ৫০ দিন পিছতো কৰ্তব্য সম্পাদনত বিফল প্ৰধানমন্ত্ৰী; কংগ্ৰেছৰ অভিযোগ

Last Updated : Jun 21, 2023, 6:49 PM IST

ABOUT THE AUTHOR

...view details