গুৱাহাটী,27 ডিচেম্বৰঃ অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বৰ উপস্থিতিত দেওঁবাৰে হোটেল প্ৰাগ কণ্টিনেলত অসম জাতীয় পৰিষদৰ প্ৰথমখন কাৰ্য্যনিৰ্বাহক অনুষ্ঠিত হয় ৷ মূলতঃ ২১ ৰ নিৰ্বাচনী ৰণনীতি সম্পৰ্কে আলোচনা হয় অসম জাতীয় পৰিষদৰ দেওবাৰৰ কাৰ্য্যনিৰ্বাহকত ৷
দেওবাৰৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকে সভাপতি লুৰীণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞা, কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাৰ দলটোৰ আন আন শীৰ্ষ নেতৃত্ব ৷ দেওবাৰৰ কাৰ্যনিৰ্বাহকত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হ’ল এ জে পি সভাপতি লুৰীণজ্যোতিক ৷ বিশেষকৈ শনিবাৰে আমিনগাঁৱৰ জনসভাত অংশ লৈ ভাষণ প্ৰসংগত গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদৰ বিৰুদ্ধে কৰা তুচ্ছ তাচ্ছিল্য মন্তব্যৰ প্ৰতুত্তৰ দি লুৰীণজ্যোতিয়ে কয়-“অমিত শ্বাহে শ্বহীদক অপমান কৰিছে ৷ দেশৰ স্বাধীনতা সংগ্ৰামী আন্দোলনকাৰী সকলক অপমান কৰা লগতে অসমীয়া জাতিক অপমান কৰিছে ৷ অমিত শ্বাহে আন্দোলন কৰি নেতা হৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালকো অপমান কৰিছে ৷”