গুৱাহাটী,11 জানুৱাৰী: অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী ৷ সোমবাৰে দলটোত যোগদান কৰে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব ধীৰেন্দ্ৰনাথ শইকীয়া, প্ৰদীপ কুমাৰ সিংহ, অসম মহিলা পৰিষদৰ ৰিনা শইকীয়া, বিপঞ্চি দাস, পৰশ মণি বৰা, মায়া ৰায়ৰ লগতে ৰাজ্যৰ কেইবাগৰাকীয়ো আগশাৰীৰ ব্যক্তিয়ে ৷ এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, মুখ্য উপদেষ্টা বসন্ত ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ লগতে দলটোৰ কেইবাগৰাকীয়ো নেতা-কৰ্মী ৷
ৰাইজৰ দলৰে অসম জাতীয় পৰিষদৰ মিত্ৰতাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ
অসম জাতীয় পৰিষদৰ কাৰ্যালয়ত যোগদান কাৰ্যসূচী ৷ সোমবাৰে দলটোত যোগদান কৰে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব ধীৰেন্দ্ৰনাথ শইকীয়া, প্ৰদীপ কুমাৰ সিংহ, অসম মহিলা পৰিষদৰ ৰিনা শইকীয়া, বিপঞ্চি দাস, পৰশ মণি বৰা, মায়া ৰায়ৰ লগতে ৰাজ্যৰ কেইবাগৰাকীয়ো আগশাৰীৰ ব্যক্তিয়ে ৷
ৰাইজৰ দলৰে AJPৰ মিত্ৰতাৰ ইংগিত লুৰিণজ্যোতি গগৈৰ
সাংবাদিকৰ আগত মন্তব্য কৰি সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, এজেপিৰ লগতে আন আঞ্চলিকতাবাদী দলসমূহক আগন্তুক নিৰ্বাচনত কেনেদৰে গ্ৰহণ কৰিব সেই বিষয়ে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে ৷ নিৰ্বাচনত ৰাইজৰ দলৰে মিত্ৰতাৰ ইংগিত প্ৰদান কৰে লুৰিণজ্যোতি গগৈয়ে ৷ আনহাতে, বিজেপিৰ বিৰুদ্ধে সকলো আঞ্চলিক ৰাজনৈতিক শক্তিকে একত্ৰিত হোৱাৰ বাবেও আহ্বান জনায় অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷