গুৱাহাটী,19 নৱেম্বৰ:“ অসমৰ ৰাজনীতিত পৰিৱৰ্তন আনিবলৈ হ’লে এটা শক্তিশালী আঞ্চলিক দলৰ প্ৰয়োজন ৷ অসম জাতীয় পৰিষদে এই অভাৱ পূৰণ কৰিব পাৰিব বুলি মোৰ বিশ্বাস ৷ মোৰ জীৱন আঞ্চলিক দলৰ মাজতেই আৰম্ভ হৈছে ৷ ছাত্ৰ অৱস্থাৰ পৰাই আমি অসমৰ কথা চিন্তা কৰি আহিছো ৷ অসম জাতীয় পৰিষদৰ লগত অসমৰ জাতীয় জীৱনৰ হকে কাম কৰাৰ এটা সুযোগ পাম বুলি ভাবিছো ৷ অগপ দলে অসমৰ আঞ্চলিক ৰাজনীতিত নিজৰ ধ্বজা উৰুৱাই থাকিবলৈ কেতিয়াও সক্ষম নহয় ৷ বিজেপিৰ লগত লগ হৈ অগপই অসমৰ স্বাৰ্থ কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে ৷” এই মন্তব্য অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা এসময়ৰ অসম গণ পৰিষদ দলৰ শক্তিশালী নেতা পুলকেশ বৰুৱাৰ ৷
বিজেপিৰ লগত অগপই অসমৰ স্বাৰ্থ কেতিয়াও সুৰক্ষিত কৰিব নোৱাৰে : পুলকেশ বৰুৱা - কৃষ্ণ গোপাল ভট্টাচাৰ্য
বৃহস্পতিবাৰে অসম জাতীয় পৰিষদত যোগদান কৰে অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই ৷ প্ৰাক্তন অগপ নেতা গৰাকীৰ লগতে অসম জাতীয় পৰিষদত যোগদান কৰে প্ৰাক্তন বিধায়ক অনুপ ফুকন, প্ৰাক্তন আছু নেতা বিপুল দাস, প্ৰাক্তন অগপ কৰ্মী অজিত কুমাৰ গগৈ,সোনেশ্বৰ গগৈৰ লগতে ভালেকেইজন লোকে ৷
বৃহস্পতিবাৰে অসম জাতীয় পৰিষদত যোগদান কৰি সমালোচনামুখৰ হোৱা দেখা গ’ল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীক ৷ প্ৰাক্তন অগপ নেতা গৰাকীৰ লগতে অসম জাতীয় পৰিষদত যোগদান কৰে প্ৰাক্তন বিধায়ক অনুপ ফুকন,প্ৰাক্তন আছু নেতা বিপুল দাস, প্ৰাক্তন অগপ কৰ্মী অজিত কুমাৰ গগৈ,সোনেশ্বৰ গগৈৰ লগতে ভালেকেইজন লোকে ৷ অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক ডঃ বসন্ত ডেকা আৰু কৃষ্ণ গোপাল ভট্টাচাৰ্যৰ লগতে ৰাজ্যিক আহ্বায়ক অদীপ কুমাৰ ফুকনৰ উপস্থিতিত এজেপি দলৰ সদস্য পদ গ্ৰহণ কৰা একালৰ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ লগতে প্ৰাক্তন বিধায়ক অনুপ ফুকনৰ যোগদানে জাতীয় পৰিষদ দলক শক্তিশালী কৰিব বুলি মতপোষণ কৰে মুখ্য ৰাজ্যিক আহ্বায়ক অদীপ কুমাৰ ফুকনে ৷
লগতে পঢ়ক:অনাড়ম্বৰভাৱে অনুষ্ঠিত হ’ব ষট পূজা