অসম

assam

By

Published : Dec 24, 2020, 10:00 PM IST

ETV Bharat / state

অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী

সভাপতি, কাৰ্যকাৰী সভাপতি, সম্পাদকৰ উপস্থিতিত বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ মহানগৰীৰ লেম্ব ৰোডস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী ৷ য'ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাস, প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে, প্ৰাক্তন বিধায়ক মকবুল হুছেইনসহ কেইবাগৰাকীও উল্লেখনীয় ব্যক্তিয়ে দলটোত যোগদান কৰে ৷

অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী
অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী

গুৱাহাটী, 24 ডিচেম্বৰ:বৃহস্পতিবাৰে মহানগৰীৰ লেম্ব ৰোডস্থিত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী ৷ সভাপতি, কাৰ্যকাৰী সভাপতি, সম্পাদকৰ উপস্থিতিত দলটোত যোগদান কৰে বহু লোকে ৷ প্ৰাক্তন আই এ এছ বিষয়া তথা অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাস, প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে, প্ৰাক্তন বিধায়ক মকবুল হুছেইনসহ কেইবাগৰাকীও উল্লেখনীয় ব্যক্তিয়ে বৃহস্পতিবাৰে যোগদান কৰিলে এজেপি দলত ৷ লগতে বি.বৰুৱা মহাবিদ্যালয়ৰ সভাপতি হেমাংগ নাথ, সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ক্ৰীড়া সম্পাদক পায়েল দাসেও যোগদান কৰে দলটোত ৷

যোগদান কাৰ্যসূচীত ৰণজিত দাসে সম্পত্তি ত্যাগ কৰা সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ৰণজিত দাসে সম্পত্তি ত্যাগ কৰাৰ পৰিৱৰ্তে ৰাজহুৱা জীৱন ত্যাগ কৰাৰ সাহস কিয় কৰিব নোৱাৰিলে ? একেই বিষয়ৰ ভিত্তিত পবিন্দ্ৰ ডেকাই কয় যে, সম্পত্তি ত্যাগ কৰিলে ৰণজিত দাসে নিজৰখিনি কৰিব ৷ কিন্তু বে-নামী সম্পত্তি খিনি কি কৰিব বুলি প্ৰশ্ন উত্থাপন কৰে ৷ আঞ্চলিকতাবাদৰ তেজ পবিন্দ্ৰ ডেকাৰ নাই বুলি অতুল বৰাই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে নেতাগৰাকীয়ে আঞ্চলিকতাবাদ আছে নে নাই অতুল বৰাই মোক DNA টেষ্ট কৰি চাওক বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক:জিতেন্দ্ৰ সিঙৰ প্ৰতিবেদনে পাখি কাটিব নেকি ৰিপুন বৰাৰ !

ABOUT THE AUTHOR

...view details