গুৱাহাটী,৫ মে’: কংগ্ৰেছৰ সৈতে মিত্ৰজোঁট গঠনৰ দিশে অগ্ৰসৰ হোৱা অসম জাতীয় পৰিষদসহ নতুন ৰাজনৈতিক দলসমূহক ক্লাব বুলি আখ্যায়িত কৰা বিজেপি নেতাসকলক এইবাৰ উভতি ধৰিছে অসম জাতীয় পৰিষদ দলে (AJP slams BJP leader) ৷ জাতীয় পৰিষদৰ মতে, বিৰোধীৰ একত্ৰিকৰণত শংকিত হৈ বিজেপি নেতাসকলে তৰল আৰু বিভ্ৰান্তিকৰ মন্তব্য আগবঢ়াই আছে (AJP general secretary Jagdish Bhuyan slams BJP leaders) ৷
শুকুৰবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি জাতীয় পৰিষদৰ নেতৃবৃন্দই বিজেপি দলৰ ৰাজনৈতিক ইতিহাসৰ তথ্য দাঙি ধৰি কয় যে ১৯৮৫ চনত অসমত প্ৰথম নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দলৰ ২০১৬ ৰ আগলৈকে ৭০ শতাংশ প্ৰাৰ্থীৰ আমানত বাজেয়াপ্ত হৈছে ৷ যদি ২০১৬ ৰ নিৰ্বাচন ধৰা হয় তেতিয়াহ’লে ৬০.৬৫ শতাংশ আৰু ২০২১ ৰ নিৰ্বাচনকো হিচাপত ধৰিলে বিগত ৩৮ বছৰীয়া ৰাজনৈতিক ইতিহাসত অসমত বিজেপিৰ ৫২ শতাংশ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হয় ৷
দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই (AJP general secretary Jagdish Bhuyan) কয় যে বিজেপিৰ নিৰ্বাচনী ইতিহাসৰ তুলনাত অসম জাতীয় পৰিষদৰ প্ৰতি ৰাইজৰ সঁহাৰি আশাব্যঞ্জকভাৱে ইতিবাচক ৷ দল গঠনৰ এশ দিনৰ ভিতৰত নিৰ্বাচন খেলি জাতীয় পৰিষদে বিগত বিধানসভা নিৰ্বাচনত ৭ লাখতকৈ অধিক ভোট পোৱাই নহয়, ৫ টা সমষ্টিত দ্বিতীয় আৰু ৫০ টা সমষ্টিত তৃতীয় স্থানত আছিল জাতীয় পৰিষদৰ প্ৰাৰ্থী ৷ বিগত বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদে আনকি বিজেপিৰ সহযোগী দল ইউ পি পি এল আৰু বিপিএফতকৈয়ো অধিক ভোট লাভ কৰা বুলি ভূঞাই তথ্য দাঙি ধৰে ৷
উল্লেখযোগ্য যে কংগ্ৰেছসহ ১১ টা ৰাজনৈতিক দলে নিৰ্বাচনী বুজাবুজিত অৱতীৰ্ণ হোৱাৰ পিচৰে পৰা বিজেপি আৰু এ আই ইউ ডি এফৰ একাংশ নেতাই জাতীয় পৰিষদসহ ৰাজ্যৰ বিজেপি বিৰোধী আঞ্চলিক দলসমূহক নানান তুচ্চ-তাচ্ছিল্য কৰি থকা পৰিলক্ষিত হৈছে ৷ বিজেপি সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈয়ে লোকসভা নহয় পঞ্চায়তৰ নিৰ্বাচনতহে প্ৰতিদ্বন্দিতা কৰিব লাগে বুলি কটাক্ষ কৰা পৰিলক্ষিত হৈছিল ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah) আৰু পীযুষ হাজৰীকাইয়ো (Minister Pijush Hazarika) যোৱা দুদিনত জাতীয় পৰিষদক ক্লাৱ বুলি তাচ্ছিল্য কৰা দেখা গৈছিল ৷
শুকুৰবাৰে দলৰ সম্পাদক অমৃত কুমাৰ খাটনিয়াৰ আৰু মুখপাত্ৰ জিয়াউৰ ৰহমানৰ উপস্থিতিত এখন সংবাদমেলৰ আয়োজন কৰি অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে জাতীয় পৰিষদক ক্লান বুলি কোৱা বিজেপিৰ নেতাসকলে তেওঁলোকৰ দলৰ ইতিহাস নাজানে ৷ তেওঁ তথ্য দাঙি ধৰি কয় যে অসমত প্ৰথমবাৰ ১৯৮৫ চনত নিৰ্বাচন খেলা বিজেপিয়ে সেইবাৰ ৩৭ টা সমষ্টিত প্ৰাৰ্থী দিছিল আৰু তাৰে ৩৪ জনৰ আমানতৰ ধন বাজেয়াপ্ত হৈছিল ৷