গুৱাহাটী, ২ ফেব্ৰুৱাৰীঃ নতুন আঞ্চলিক ৰাজনৈতিক শক্তি অসম জাতীয় পৰিষদৰ উদ্যোগত মঙলবাৰে গঠন কৰা হ'ল ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ ৷ ৰাজ্যৰ সৰ্বাংগীন অৰ্থনৈতিক বিকাশৰ লক্ষ্য আগত ৰাখিছে এজেপিয়ে গঠন কৰিলে ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ ৷
এই উপলক্ষে এজেপি নেতৃত্বই গুৱাহাটী মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৷ উক্ত সংবাদমেলতে এই কথা আনুষ্ঠানিতভাৱে সদৰি কৰে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷
সাংবাদিকক সম্বোধন কৰি দলটোৰ সভাপতি গগৈয়ে কয়, এখন ৰাজ্যৰ আভ্যন্তৰীণ সুৰক্ষা নিশ্চিত কৰি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াৰ বাবে অর্থনৈতিক বিকাশক অগ্রাধিকাৰ দিয়াটো অতি প্ৰয়োজন ৷ ৰাজ্যখনৰ অর্থনৈতিক উন্নয়ন আৰু জনসাধাৰণৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাটো এজেপিৰ প্ৰাথমিক চৰ্ত ৷ এই উদ্দেশ্যে অসম জাতীয় পৰিষদৰ উদ্যোগত ‘অর্থনৈতিক উন্নয়ন আৰু পৰিকল্পনা উপদেষ্টা পৰিষদ’ গঠন কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰে লুৰিণজ্যোতি গগৈয়ে ৷