অসম

assam

ETV Bharat / state

জীৱন ধাৰণৰ তাড়নাত তেজ বিক্ৰী কৰিছিল মানস ৰবীনে - জীৱন ধাৰণৰ তাড়নাত তেজ বিক্ৰী কৰিছিল মানস ৰবীনে

'স্বাৱলম্বিতাৰ দিন' শীৰ্ষক বিশেষ কাৰ্যসূচীৰ অংশস্বৰূপে যুৱ উদ্যোগীসকলক সম্বৰ্ধনা জনায় অসম জাতীয় পৰিষদে (AJP felicitates young entrepreneurs)। গুৱাহাটীৰ বিশিষ্ট শিল্পী তথা উদ্যোগী মানস ৰবীন, অনিল বৰুৱা আৰু সৌৰভ নাথক সম্বৰ্ধনা দলটোৰ ।

AJP felicitates young entrepreneurs
জীৱন ধাৰণৰ তাড়নাত তেজ বিক্ৰী কৰিছিল মানস ৰবীনে

By

Published : Dec 16, 2021, 12:34 PM IST

গুৱাহাটী,১৬ ডিচেম্বৰ :যোৱা ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ পৰা অহা ১৯ ডিচেম্বৰ চৈয়দ আব্দুল মালিকৰ স্মৃতি দিৱস লৈ দহদিনীয়াকৈ অসম জাতীয় পৰিষদে পালন কৰিছে 'জাতীয় স্বাভিমান যাত্ৰা'। এই যাত্ৰাৰ ষষ্ঠ দিনটো অৰ্থাৎ বুধবাৰে দলে 'স্বাৱলম্বিতাৰ দিন' হিচাপে পালন কৰে ৷ তাৰেই অংশ স্বৰূপে ৰাজ্যজুৰি বিশেষভাৱে সফল কিছুসংখ্যক উদ্যোগীক দলৰ নেতা-সদস্যসকলে সম্বৰ্ধনা জনায় (AJP felicitates young entrepreneurs) ৷ গুৱাহাটীৰ তিনিগৰাকী উদ্যোগী ক্ৰমে শিল্পী মানস ৰবীন, অনিল বৰুৱা আৰু সৌৰভ নাথক সম্বৰ্ধনা জনোৱা হয় ।

উক্ত কাৰ্যসূচীৰে কেন্দ্ৰীয় অনুষ্ঠানটো গুৱাহাটীৰ ছয়মাইলৰ ভি আই পি ৰোডৰ চন্দন নগৰ চাৰিআলিত অৱস্থিত সৌৰভ নাথৰ ব্ৰইলাৰ কুকুৰাৰ দোকানৰ সন্মুখত অনুষ্ঠিত হয় ৷ দলৰ সম্পাদক ৰাজীব ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটোত সম্বৰ্ধনা গ্ৰহণ কৰি উদ্যোগী সৌৰভ নাথে কয় যে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত গুৱাহাটীৰ এটা চেটেলাইট নিউজ চেনেলত চাকৰিত সোমায় ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে চেনেলটো বন্ধ হৈ যোৱাত তেওঁ নিবনুৱা হৈ পৰে আৰু জীৱন যাপনৰ প্ৰয়োজনত উক্ত কুকুৰাৰ দোকানখন আৰম্ভ কৰে ৷

সৌৰভ নাথে নিজৰ কাহিনী বৰ্ণনা কৰি কয় যে, আমাৰ শিক্ষিত ল'ৰাই দোকান দিবলৈ লাজ কৰে ৷ চাকৰিৰ সন্ধানত থাকোতে চাকৰিৰ বয়স পাৰ হৈ যায় ৷ কিন্তু তেওঁ লাজ নকৰি এই কাম আৰম্ভ কৰিছিল আৰু আজি তেওঁ এই কামক লৈ গৌৰৱান্বিত ৷ অসমীয়া ভাষা ছফটৱেৰৰ স্বত্বাধিকাৰী অনিল বৰুৱাই কেনেকৈ মাজুলীৰ পৰা আহি প্ৰথমে শিৱসাগৰত মিস্ত্ৰীৰ যোগালি হিচাপে কাম কৰিছিল আৰু তাৰ পৰা আৰম্ভ কৰি কেনেকৈ আজিৰ পৰ্যায় পালে, সেয়া বৰ্ণনা কৰে ৷

আনহাতে বিশিষ্ট সংগীত পৰিচালক কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ মানস ৰবীনৰ ঘৰলৈ গৈ শিল্পীগৰাকীক সম্বৰ্ধনা জনায় দলৰ নেতা-কৰ্মীসকলে (AJP felicitates artist Manash Robin) ৷ সংগীত শিল্পীগৰাকীয়ে নিজৰ জীৱন বৃত্তান্ত দাঙি ধৰি কয় যে তেওঁ কেৱল পাণ-তামোলৰ দোকান দিয়াই নহয়, আৰ্থিক অনাটন হোৱাত নিজৰ গাৰ তেজো বিক্ৰী কৰিছিল ৷ কিন্তু লক্ষ্যৰ পৰা বিচ্যুত হোৱা নাছিল ৷

তেওঁ কয় যে এটা সময়ত তেওঁ সকলো বিক্ৰী কৰিছে ৷ গান বিক্ৰী কৰিছে, কবিতা বিক্ৰী কৰিছে, তামোল বিক্ৰী কৰিছে ৷ তেওঁ আজিও বিক্ৰী কৰে ৷ বৰ্তমান তেওঁ মৰাপাটৰ খেতি কৰে, ৰঙালাওৰ খেতি কৰে ৷ খেতিৰ উৎপাদন বিক্ৰী কৰি খাই আছে ৷

শিল্পীগৰাকীৰ মতে নিজৰ স্বাভিমান তেওঁ কেতিয়াও বিক্ৰী কৰা নাই ৷ আজি নিজৰতো বাদেই, বহুতে জাতিৰ স্বাভিমান পৰ্যন্ত বিক্ৰী কৰিছে ৷ এয়া দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷ তেওঁৰ মতে জাতিৰ স্বভিমান জীয়াই ৰাখিব নোৱাৰিলে নিজে জীয়াই থকাৰ অৰ্থ নাই ৷

সম্বৰ্ধনা অনুষ্ঠানত বক্তব্য ৰাখি অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকাই কয় যে, অসমীয়া যুৱপ্ৰজন্মৰ চাকৰিমুখী আৰু কৰ্মৰ প্ৰতি আগ্ৰহ কম বোলা বদনামটো গুচাবৰ বাবে আত্ম-সৃষ্ট অসমীয়া উদ্যোগীসকলক স্বীকৃতি প্ৰদান আৰু উৎসাহিত কৰাৰ প্ৰয়োজন ৷ সেই উদ্দেশ্যেই দলে প্ৰতীকাত্মকভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ ড৹ ভূপেন হাজৰিকাই তেওঁৰ গানত কৈ যোৱা 'ডিগনিটী অৱ লেবাৰ' অৰ্থাৎ শ্ৰমৰ মৰ্যাদা দিব জনা জাতিৰ কেতিয়াও মৰণ নহয় বুলি ডেকাই মত প্ৰকাশ কৰে ৷

লগতে পঢ়ক :নলবাৰীত আছুৰ ক'লা পতাকা; টিংখাঙত ধৰ্মঘট কাৰ্যসূচীৰে কা' প্ৰত্যাহাৰৰ দাবী তুলিলে অজাপে

ABOUT THE AUTHOR

...view details