অসম

assam

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 9:50 PM IST

ETV Bharat / state

Assam Jatiya Parishad: মুখ্যমন্ত্ৰীৰ লগতে পৰিয়ালৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰাৰ দাবী এজেপিৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে পুনৰ আন এক ভূমি কেলেংকাৰীৰ অভিযোগ। ন্যায়িক তদন্তৰ দাবী এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ। ৫০ বিঘাতকৈ অধিক কৃষিভূমি ক্ৰয় কৰাৰ পিছত চৰকাৰী প্ৰভাৱ খটুৱাই সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী প্ৰৱৰ্তন আৰু তাৰ পিছত সেই ভূমিতে খাদ্য সংসাধন উদ্যোগ স্থাপন কৰা দেখুৱাই কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্য আদায় কৰাৰ অভিযোগ মুখ্যমন্ত্রীৰ পত্নীৰ বিৰুদ্ধে।

AJP Demands Public Disclosure of Property
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰাৰ দাবী

গুৱাহাটী, ১০ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নাম পুনৰ আন এক ভূমি কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰাৰ লগে লগে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন ৷

এইবাৰ ৫০ বিঘাতকৈ অধিক কৃষিভূমি ক্ৰয় কৰাৰ পিছত চৰকাৰী প্ৰভাৱ খটুৱাই সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী প্ৰৱৰ্তন আৰু তাৰ পিছত সেই ভূমিতে খাদ্য সংসাধন উদ্যোগ স্থাপন কৰা দেখুৱাই কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহাৰ্য আদায় কৰাৰ অভিযোগ উঠিছে ৷

এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পাছতে এজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ লগতে এই অভিযোগৰ ন্যায়িক তদন্তৰ দাবী কৰিছে ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাই ২০২১ চনত কলিয়াবৰ মহকুমাৰ বৰভগীয়া মৌজাৰ অন্তৰ্গত দাৰগাজি গাঁৱত ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষি ভূমি ক্ৰয় কৰি মাত্ৰ এমাহৰ ভিতৰতে সেয়া ঔদ্যোগিক ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰি তাৰ পিছতে প্ৰধানমন্ত্ৰীৰ কৃষি সম্পদ যোজনা আঁচনিৰ অধীনত খাদ্য সংসাধন উদ্যোগ প্ৰতিষ্ঠাৰ নামত কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ কোটি টকাৰ ৰাজসাহাৰ্য আদায় কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভূমি কেলেংকাৰী আৰু চৰকাৰী ৰাজসাহাৰ্য লাভৰ বিষয়টোৰ উচ্চস্তৰীয় ন্যায়িক তদন্তৰ লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনায় ৷

নেতাদ্বয়ে কয় যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে সততে দুৰ্নীতি-অনিয়মৰ তথ্য উন্মোচিত হোৱাটো দুৰ্ভাগ্যজনক ৷ দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি ঘোষণা কৰা আৰু সততে দুৰ্নীতিবিৰোধী নীতিবাক্য আওৰাই থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ দুৰ্নীতি প্ৰতিৰোধত ব্যৰ্থ হোৱাই নহয়, স্বয়ং চৰকাৰখনেই দুৰ্নীতি-অনিয়মৰ কেন্দ্ৰ হৈ পৰিছে ৷ এই ঘটনাই তাৰ প্ৰমাণ বুলি নেতাদ্বয়ে কয় ৷

তেওঁলোকে কয় যে এই অভিযোগৰ গুৰুত্ব আৰু অধিক গুৰুতৰ কৰি তোলা কথাটো হ’ল যে কৃষকক সহায়ৰ বাবে প্ৰস্তুত কৰা প্ৰধানমন্ত্ৰী কৃষক সম্পদ আঁচনিৰ দ্বাৰা মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাই লাভৱান হোৱাৰ তথ্য ৰাজহুৱা হৈছে ৷ ইয়াৰ ফলত চৰকাৰৰ উচ্চতম পৰ্যায়ত স্বচ্ছতা আৰু জবাবদিহিতাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ৷

ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীৰ সততা আৰু নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব পৰা পৰিৱেশৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি নেতাদ্বয়ে বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত ন্যায়িক তদন্ত কৰোৱাৰ লগতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক :G20 summit in Delhi: অসমৰ প্ৰতি আগ্ৰহ দেখুৱাইছে ছিংগাপুৰে; নাৰ্ছিং তথা কৌশল বিকাশ প্ৰশিক্ষণত কাম কৰাৰ আগ্ৰহ !

ABOUT THE AUTHOR

...view details