অসম

assam

By

Published : May 27, 2022, 10:45 PM IST

ETV Bharat / state

পি পি ই কিটকাণ্ডঃ টকাৰ হিচাপ বিচাৰিলে জাতীয় পৰিষদে

চীনৰ পৰা অনা ৫০ হাজাৰ পি পি ই কিট ক’লৈ গ’ল ? কাক কিমান টকা আদায় দিলে ? ক'ভিড প্ৰতিৰোধী অভিযানৰ প্ৰতিটো টকাৰ হিচাপ দিয়ক ৷ এই দাবী অসম জাতীয় পৰিষদৰ ৷

AJP demands detail expenditure list of PPE kit
টকাৰ হিচাপ বিচাৰিলে জাতীয় পৰিষদে

গুৱাহাটী, ২৭ মে’: ক'ভিড মহামাৰী প্ৰতিৰোধী অভিযানত কিমান টকা খৰচ হ’ল আৰু ক’ত ক’ত খৰচ হ’ল তাৰ বিস্তৃত তথ্য সম্বলিত শ্বেতপত্ৰ প্ৰকাশ কৰাৰ দাবী তুলিছে অসম জাতীয় পৰিষদে ৷

শুকুৰবাৰে দলৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ক'ভিড মহামাৰী প্ৰতিৰোধৰ হেতু ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিভিন্ন বয়-বস্তু ক্ৰয় কৰাৰ বাবদ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ সেয়ে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত হ’ব লাগে৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত বিচাৰি দলে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলিও ভূঞাই প্ৰকাশ কৰে ৷

কেলেংকাৰীৰ বৰ্ণনা দি সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত কয় যে ২০২০ চনৰ ১৫ এপ্ৰিলত চীনৰ পৰা ৫০ হাজাৰ পি পি ই কিট লৈ অহা ব্লু ডাৰ্ট কুৰিয়াৰ ছাৰ্ভিছৰ এখন কাৰ্গো বিমানক আদৰিবলৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উপস্থিত হৈছিল৷ উক্ত বিমানখনত ৫০ হাজাৰ পি পি ই কিট আৰু অন্যান্য ক'ভিড প্ৰতিৰোধী সামগ্ৰী ৰাজ্য চৰকাৰে চীনৰ পৰা আমদানি কৰা বুলি উল্লেখ কৰি ড৹ শৰ্মাই কৈছিল যে চীনৰ পৰা পোনপটীয়াকৈ পি পি ই কিট ক্ৰয় কৰা অসম হৈছে ভাৰতৰ প্ৰথম ৰাজ্য ৷

কিন্তু শেহতীয়াভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে (এন এইচ এম) এখন আৰ টি আই আৱেদনৰ উত্তৰত জনায় যে অসমত চৰকাৰীভাৱে চীনৰ পৰা কোনো ধৰণৰ পি পি ই কিট বা অন্য ক'ভিড প্ৰতিৰোধী সামগ্ৰী ক্ৰয় কৰা হোৱা নাছিল৷ জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে আজি কয়, “তেতিয়াহ’লে ১৫ এপ্ৰিল ২০২০ তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিচাপে বিমানবন্দৰত দিয়া বক্তব্যটো সত্য নে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে আৰ টি আই আৱেদনৰ উত্তৰত কোৱা কথাখিনি সত্য ?

কোনোবা এটা পক্ষইতো অসত্য কথা কৈছে ? কোনে কৈছে – ডঃ শৰ্মাই নে এন এইচ এমে ?” ভূঞাৰ মতে, ক'ভিড প্ৰতিৰোধী অভিযান কালত যি চৰকাৰী ধন ব্যয় কৰা হৈছিল, তাত ব্যাপক কেলেংকাৰী সংঘটিত হৈছিল ৷ বিশেষকৈ চেনিটাইজাৰ ক্ৰয় আৰু যোগান, হাস্পতালসমূহলৈ যোগান ধৰা খাদ্য, দৰৱ তথা অন্য আচবাব ক্ৰয় আৰু যোগান আদিৰ ক্ষেত্ৰত ব্যাপক বিত্তীয় অনিয়ম সংঘটিত হৈছিল ৷

উক্ত অনিয়মৰ তদন্ত কোনোবা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দ্বাৰা কৰোৱাৰ দাবীৰে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীলৈ অসম জাতীয় পৰিষদে স্মাৰকপত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি ভূঞাই ক'ভিড প্ৰতিৰোধৰ বাবত কি কি বয়-বস্তূ ক’ৰ ক’ৰ পৰা ক্ৰয় কৰা হৈছিল আৰু তাৰ বাবত কাক কিমান টকা আদায় দিয়া হৈছিল, এই সকলো তথ্য সামৰি শ্বেতপত্ৰ প্ৰকাশৰো দাবী উত্থাপন কৰে ৷ সংবাদ মেলত দলৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান উপস্থিত থাকে ৷

লগতে পঢ়ক:অসম জাতীয় পৰিষদ এৰিলে চিত্তৰঞ্জন বসুমতাৰীয়ে

ABOUT THE AUTHOR

...view details