গুৱাহাটী,২৩ জানুৱাৰী :নগাঁৱত ছাত্ৰনেতাক গুলিওৱা ঘটনাক তীব্ৰ গৰিহণা দিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে (AJP strongly condemns Nagaon incident)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে এয়া মুক্তহত্যাৰ ঘটনা ( Lurinjyoti Gogoi on shooting of student leader ) । এনকাউন্টাৰৰ জৰিয়তে মুক্তহত্যাৰ সূচনা কৰিছিল আৰক্ষীয়ে ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুক্তহত্যা আৰম্ভ কৰিছে অসম আৰক্ষীয়ে বুলি তেওঁ অভিযোগ কৰে । তেওঁ কয় যে গুপ্তহত্যাৰ আৰ্হিত অসমত হিমন্ত চৰকাৰে আৰম্ভ কৰিছে মুক্তহত্যা । বাছি বাছি যুৱক-ছাত্ৰক টাৰ্গেট কৰা হৈছে । তেওঁ কয় যে মুক্ত চিন্তা আৰু প্ৰতিবাদী সত্বাক নিঃশেষ কৰাৰ বাবেই চৰকাৰৰ এই কূটকৌশল ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মুক্তহত্যা আৰম্ভ কৰিছে অসম আৰক্ষীয়ে: লুৰীণ জ্যোতি গগৈ ৰাজ্যত ভয় আৰু ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবেই আৰম্ভ কৰা হৈছে মুক্তহত্যা ৷ উল্লেখ্য যে শনিবাৰে নিশা নগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক তথা জিলাখনৰ আছুৰ এগৰাকী নেতা কীৰ্তি কমল বৰা আৰক্ষীৰ গুলীত আহত হয় । এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ।
অভিযোগ অনুসৰি সামান্য কথাতে আৰক্ষীয়ে কীৰ্তি কমল বৰালৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল । অভিযোগ অনুসৰি নগাঁৱত এণ্টি নাৰ্ক'টিক স্কোৱাডে তালাচী চলাই থকাৰ সময়তে ঘটনাটো সংঘটিত হয় । এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :Student leader shot by police : নগাঁও আৰক্ষীয়ে গুলীয়াই আহত কৰিলে ছাত্ৰনেতাক