অসম

assam

By

Published : Apr 20, 2022, 10:33 PM IST

ETV Bharat / state

GMC Election 2022 : নুনমাটিত অজাপ আৰু বিজেপিৰ বিশাল ৰেলী

বুধবাৰে অন্ত পৰিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC Election 2022) প্ৰচাৰ অভিযান ৷ প্ৰচাৰৰ অন্তিমটো দিনত ৱাৰ্ডে ৱাৰ্ডে দেখা গ'ল শাসক বিৰোধী দলৰ প্ৰাৰ্থীৰ সমৰ্থনত দলীয় নেতা পালিনেতাৰ ভিৰ ৷

ajp-and-bjp-gmc-election-rally-at-noonmati-in-guwahati
নুনমাটিত অজাপ আৰু বিজেপিৰ বিশাল ৰেলী

গুৱাহাটী, ২০ এপ্ৰিল : ২২ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন (GMC election campaign ends)।ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে বুধবাৰে অন্ত পৰিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC Election 2022) প্ৰচাৰ অভিযান ৷ প্ৰচাৰৰ অন্তিমটো দিনত ৱাৰ্ডে ৱাৰ্ডে দেখা গ'ল শাসক বিৰোধী দলৰ প্ৰাৰ্থীৰ সমৰ্থনত দলীয় নেতা পালিনেতাৰ ভিৰ ৷

শাসকীয় দল বিজেপিৰ লগতে অসম জাতীয় পৰিষদ (AJP and BJP GMC election rally at Guwahati), কংগ্ৰেছ, আপকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থী সকলেও বুধবাৰে বিশালৰেলী, পদযাত্ৰা আদিৰে ভোটাৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷

ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে (AJP President Lurinjyoti Gogoi) ৫৫নং ৱাৰ্ডৰ মিন্টু ৰাজবংশী, ৫৬ নং ৱাৰ্ডৰ অম্বিকা ডেকা, ৫৭নং ৱাৰ্ডৰ পল্লবী বৰা হাজৰিকাৰ সমৰ্থনত নুনমাটিৰ গোপালনগৰৰ পৰা উলিওৱা বিশাল সমদলত অংশগ্ৰহণ কৰে ৷

নুনমাটিত অজাপ আৰু বিজেপিৰ বিশাল ৰেলী

সমদলত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয় , "আমাৰ দলৰ ২৫জন প্ৰাৰ্থীৰ ভিতৰত ২৫ জনেই বিজয়ী হ'ব বুলি আশাবাদী ৷" বিজেপি চৰকাৰে শাসনভাৰ লোৱাৰ পিছতে ভয়াৱহভাৱে বৃদ্ধি পোৱা নিগমৰ কৰ কাটলৰ প্ৰতি অতিষ্ঠ হৈ ৰাইজে জাতীয় পৰিষদৰ প্ৰাৰ্থীক যে ভোটদান কৰিব সেয়া নিশ্চিত ৷

ইফালে, নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে কোনো নিৰ্বাচনী আচৰণবিধি উলংঘন কৰা নাই বুলি মন্ত্ৰী পীযুষ হাজৰিকাই (Minister Pijush Hazarika)কৰা দাম্ভিক মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অজাপৰ নেতাগৰাকীয়ে কয়' "যদিহে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা নাই তেন্তে তেওঁৰ বিৰুদ্ধে কিয় ৰাজ্যিক নিৰ্বাচনী আয়োগে ৫ জনীয়া তদন্ত কমিটি গঠন কৰিলে ৷ ইয়াৰ উত্তৰ এইবাৰ নিৰ্বাচনত ৰাইজে দিব ৷"

ইফালে উক্ত সমদলত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক গিৰিণ তালুকদাৰ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷ শাসক আৰু বিৰোধী দলৰ বিভিন্ন প্ৰাৰ্থীয়ে গীত মাতেৰে ইৰিক্সা, অ'টোৰিস্কা, মটৰচাইকেল আদিৰে প্ৰচাৰ চলাই ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা চলায় ৷

উল্লেখ্য যে, ৫৬নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ৰাখী বৰাই অ'টো লৈ ৩ নং শালবাৰী, বাপুজী নগৰ, নেপালী চ’ক, জয়ন্ত নগৰ, বিষ্ণু ৰাভা নগৰ, নিউ গুৱাহাটী আদি অঞ্চলত প্ৰচাৰ চলোৱা পৰিলক্ষিত হয় ৷ প্ৰাৰ্থীগৰাকীৰ এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক মহিলা মৰ্চাৰ উপ সভানেত্ৰী বিজুলী কলিতা মেধি, বিজেপিৰ দিছপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক জনাৰ্দন শৰ্মা ৷ ইফালে ৫২নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী জগদীশ দাসেও সমৰ্থকসকলক লগত লৈ এক বিশাল মটৰ চাইকেল ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলায় ৷

লগতে পঢ়ক :GMC Election 2022: প্ৰচাৰৰ অন্ত পেলাই নিৰ্বাচনৰ বাবে সাজু ৫৭ টা ৱাৰ্ডৰ ১৯৭ গৰাকী প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details