অসম

assam

ETV Bharat / state

বিজেপিয়ে নিৰ্বাচনত চূড়ান্ত অনিয়ম কৰিছে: অসম জাতীয় পৰিষদ - পূব গুৱাহাটী সমষ্টি

প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বমূলক আচৰণে নিৰ্বাচনী প্ৰক্ৰিয়াটোকে সন্দেহৰ আৱৰ্তলৈ লৈ গৈছে। নিৰ্বাচন আয়োগে সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই। আমাৰ সন্দেহ আছে যে ষ্ট্ৰং ৰুমত ই ভি এমবোৰ সুৰক্ষিত হৈ থাকিব। প্লাইৰে নিৰ্মাণ কৰা ষ্ট্ৰং ৰুমবোৰ একেবাৰে সুৰক্ষিত নহয় আৰু আয়োগৰ গাইড লাইন অনুসৰি নিৰ্মাণ কৰা হোৱা নাই।

ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিজেপিয়ে নিৰ্বাচনত চূড়ান্ত অনিয়ম কৰিছে : অসম জাতীয় পৰিষদ
ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিজেপিয়ে নিৰ্বাচনত চূড়ান্ত অনিয়ম কৰিছে : অসম জাতীয় পৰিষদ

By

Published : Apr 7, 2021, 10:38 PM IST

গুৱাহাটী,৭ এপ্ৰিলঃ তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে। নিৰ্বাচনত বিজেপিয়ে চূড়ান্ত অনিয়ম কৰিছে। এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ। বুধবাৰে গুৱাহাটীৰ ৰাজগড়ত আয়োজন কৰা এখন সংবাদমেলত এজেপিৰ পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ নিৰ্বাচনী এজেণ্ট অমিতাভ বৰঠাকুৰে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ কয়-' ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনটো পূব গুৱাহাটী সমষ্টিটোত ব্যাপক খেপিমেলি আৰু অৰাজকতাৰ সৃষ্টি হয়। প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ পক্ষপাতিত্বমূলক আচৰণে নিৰ্বাচনী প্ৰক্ৰিয়াটোকে সন্দেহৰ আৱৰ্তলৈ লৈ গৈছে ।

নিৰ্বাচনী আচৰণ বিধিক জলাঞ্জলি দি পূব গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থীজনৰ লগতে তেওঁৰ সমৰ্থকে কামৰূপ একাডেমী আৰু উজানবজাৰ জাহাজঘাটৰ উপৰি বিভিন্ন ভোটকেন্দ্ৰত মুকলিকৈ প্ৰচাৰ প্ৰত্রিকা বিতৰণ কৰে। মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিৰ্বাচনত জয়ী হোৱাৰ বাবে যিকোনো অসৎ পন্থা অৱলম্বন কৰিব পাৰে। তেওঁ নিজৰ স্বাৰ্থত প্ৰশাসন যন্ত্রটোক ব্যৱহাৰ কৰিছে। নিৰ্বাচন আয়োগে সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাই । আমাৰ সন্দেহ আছে যে ষ্ট্ৰং ৰুমত ই বি এমবোৰ সুৰক্ষিত হৈ থাকিব। আমি ষ্ট্ৰং ৰুমত ইলেক্ট্ৰনিক জামাৰ স্থাপন কৰাৰ দাবী জনাইছো। লগতে প্ৰাৰ্থীসকলে চাব পৰাকৈ ষ্ট্ৰং ৰুমত আই পি কেমেৰা স্থাপন কৰাৰো দাবী জনাইছো।' তেওঁ লগতে কয়-' তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা বি বৰুৱা কলেজত ই ভি এমত বিসংগতি দেখা দিছিল। তদুপৰি কেন্দ্ৰটোত আৰক্ষীৰ এজন শীৰ্ষ বিষয়া প্ৰৱেশ কৰা কাৰ্যও সন্দেহজনক।

বিজেপিয়ে নিৰ্বাচনত চূড়ান্ত অনিয়ম কৰিছে

সেইদৰে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত সন্ধিয়া ৬ মান বজাত এএছ-০১-এলচি- ৪০৬৫ নম্বৰৰ টাটা চুমু এখনত তিনিটা ই ভি এম অনা হৈছিল যদিও সোধা-পোছা কৰিব লওঁতেই ৰহস্যজনকভাৱে বাহনখন আঁতৰাই নিয়া হয়। আনহাতে চানমাৰিৰ পৰা সম্পূৰ্ণ অকৰ্তৃত্বশীল আৰু অসুৰক্ষিতভাৱে ই ভি এম নিয়া হয় । সেইদৰে কাহিলিপাৰৰ উদয়াচলত থকা ভোটকেন্দ্ৰত বিজেপি প্ৰাৰ্থীগৰাকীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি ৪.৪৫ বজাত ভোটদান প্ৰক্ৰিয়া বন্ধ কৰি দিছিল। অভিযোগ দিয়াৰ পাছত পুনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।

আন এটা উল্লেখযোগ্য ঘটনা হৈছে ষ্ট্ৰং ৰুমৰ অৱস্থা। প্লাইৰে নিৰ্মাণ কৰা ষ্ট্ৰং ৰুমবোৰ একেবাৰে সুৰক্ষিত নহয় আৰু আয়োগৰ গাইড লাইন অনুসৰি নিৰ্মাণ কৰা হোৱা নাই। আনহাতে ষ্ট্ৰং ৰুমত ইভিএম সমূহ জমা দিয়াৰ সময়ত সৃষ্টি হয় চূড়ান্ত অৰাজকতা। কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ ৰাস্তাই-ঘাটে পেলাই ৰখা হৈছিল ইভিএম সমূহ। অ'লা-উৱেৰ, ই-ৰিক্সা আদিতো ইভিএম কঢ়িওৱা হয়। ইয়াৰ দ্বাৰা ভোটাৰ ৰাইজক অপমান কৰা হৈছিল। ষ্ট্ৰং ৰুমত ইভিএম সমূহ কিমান সুৰক্ষিত হৈ থাকিব তাত আমাৰ সন্দেহ আছে। নিৰ্বাচনী প্ৰক্ৰিয়াটোত বিজেপিয়ে ক্ষমতাৰ সম্পূৰ্ণ অপব্যবহাৰ কৰিছে। নিৰ্বাচনৰ এই সমস্ত খেলি-মেলি আৰু অনিয়ম সন্দৰ্ভত আমি নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিম।সংবাদমেলত এজেপিৰ উপ-সভাপতিদ্বয় বলেন ভৰালী আৰু ৰবীন দত্ত আৰু গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি সঞ্জীৱ বৰা উপস্থিত আছিল।


লগতে পঢ়কঃ শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details