অসম

assam

ETV Bharat / state

অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ অজন্তা নেওগক - প্ৰদেশ কংগ্ৰেছ

অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগ দিবলৈ সাজু হোৱা অজন্তা নেওগক শুকুৰবাৰৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ বৃহস্পতিবাৰেই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছিল ৷ কিন্তু জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ইয়াৰ কোনো সঁহাৰি দিয়া নাছিল ।

ajnata neog story
অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ অজন্তা নেওগক

By

Published : Dec 25, 2020, 6:48 PM IST

গুৱাহাটী, ২৫ ডিচেম্বৰঃ অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ কৰা হ'ল গোলাঘাট সমষ্টিৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগক । দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত তাৎক্ষণিক ভাবে কাৰ্যকৰী হোৱাকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী গৰাকীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰঞ্জন বৰাই ।

অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ অজন্তা নেওগক

উল্লেখ্য যে, অমিত শ্বাহৰ উপস্থিতিত বিজেপিত যোগ দিবলৈ সাজু হোৱা অজন্তা নেওগক শুকুৰবাৰৰ ভিতৰত স্থিতি স্পষ্ট কৰিবলৈ বৃহস্পতিবাৰেই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা নিৰ্দেশ জাৰি কৰা হৈছিল ৷ কিন্তু জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ইয়াৰ কোনো সঁহাৰি দিয়া নাছিল ।

ইপিনে অজন্তা নেওগৰ বিজেপিত যোগদান সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই । তেওঁ কয় যে, শুকুৰবাৰে বিয়লি পৰ্যন্ত বিজেপিত যোগদান সন্দৰ্ভত কোনো ধৰণৰ আলোচনা তেওঁৰ সৈতে বিজেপি নেতৃত্ব বা মুখ্যমন্ত্ৰীৰ হোৱা নাছিল । গোলাঘাটত সতী সাধনী বিশ্ববিদ্যালয় স্থাপন সন্দৰ্ভতহে তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত গৈছিল । কিন্ত এতিয়া কংগ্ৰেছে যিহেতু তেওঁক বহিস্কাৰ কৰিলেই গতিকে ঘটনাক্ৰম সলনি হ'লেও আচৰিত হ‘বলগীয়া একো নাথাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী ডঃ শৰ্মাই ।

লগতে পঢ়ক: পুনৰ বিশ্ববজাৰ দখলৰ দিশে অসমৰ চাহ

ABOUT THE AUTHOR

...view details