গুৱাহাটী, ৩১ অক্টোবৰ : বাংলাদেশত হিন্দু লোক আৰু মন্দিৰৰ ওপৰত চলা আক্ৰমণৰ পাৰ্শ্বক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে ত্ৰিপুৰাত । ত্ৰিপুৰাত বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে বিভিন্ন মছজিদত চলিছে ধাৰাবাহিক আক্ৰমণ । এনে আক্ৰমণ অব্যাহত থকাৰ সময়তে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে ত্ৰিপুৰাৰ মুছলমান লোকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক ।
ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা এখন পত্ৰত আজমলে কয় যে বাংলাদেশত হিন্দু লোকৰ ওপৰত যি আক্ৰমণ চলিছে সেয়া নিন্দনীয় । ইতিমধ্যে বাংলাদেশ চৰকাৰেও দোষীৰ বিৰুদ্ধে ব্যৱস্থা লৈছে । কিন্তু ইয়াৰ প্ৰতিশোধ হিচাপে ত্ৰিপুৰাত যিদৰে মুছলমান লোকৰ ওপৰত আক্ৰমণ চলোৱা হৈছে, মছজিদ ধ্বংশ কৰা হৈছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ।